নেপথ্যৰ ৰাগিনী
এন্ধাৰবোৰ এতিয়া প্ৰিয়….!
আলোকে, বহুত ৰঙীণ স্বপ্ন দেখুৱালে
ধূলিৰে ধূসৰিত সকলো….!
তেজ প্ৰৱাহিত কাঁচৰ টুকুৰা বুটলি বুটলি,
বালিবোৰ এপল এপলকৈ,
যেনি তেনিয়েই সৰিল…!
দুচকু মেলি হে অনুভৱ হ’ল….!
ক’ত নো ডুব গৈ আছিলি তই…?
চা চোন চা, এয়াচোন ভষ্ম হে….!
দুহাতত পোহৰ সনা ,
ৰঙৰ বোল জানো পৰিব
খোজবোৰ আগুৱাবলে….?
নাই, নপৰে দে….!
সৌৱা চা এন্ধাৰ,
তোক সুৰক্ষাৰ বুকুখনেৰে
আৱৰিলেই যথেষ্ট,
গোপনে লুকাই থোৱা টোপ টোপ আৱেগক
সন্মান দিবলে….!
ঐ আন্ধাৰ, বৰ প্ৰিয় অ’ তই
বৰ প্ৰিয়, বৰ প্ৰিয়…..!
সংগীতা ডেকা
ৰঙিয়া
ৰঙিয়া