নুনমাটিৰ শালবাৰীত ৰঙালী বিহু

নুনমাটিৰ শালবাৰীত ৰঙালী বিহু

ৰঙিলী বাৰ্ত্তাসেৱা-   মহানগৰীৰ নুনমাটিৰ সমীপৰ শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৰঙালী বিহুৰ সামৰণি পৰে৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি ‘দৈনিক অসম’ৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই কয়- অসমীয়া জাতি অতি সংস্কৃতিবান জাতি। অসমীয়া মানুহে শদিয়াৰ পৰা ধুবুৰীলৈ একেখন আকাশৰ তলতে ভিন ভিন জাতি জনগোষ্ঠীৰ লোকসকলে অনাদি কালৰে পৰা বসতি কৰি আহিছে। ঋতু অনুযায়ী নিৰ্দিষ্ট দিনত উলহ মালহেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। বড়ো, মিছিং, দেউৰী, ৰাভা, সোণোৱাল-কছাৰী, তিৱা আদি জনগোষ্ঠীয়ে একেটা ঋতুতে ভাষাৰ ভিন্নতা থাকিলেও উদ্যমেৰে বিহু উদ্‌যাপন কৰে। সাহিত্যিক পেঞ্চনাৰ, গল্পকাৰ ’সাহিত্য কোঁৱৰ’ কমল কলিতাই সঞ্চালনা কৰা উদ্ধোধনী অনুষ্ঠানত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মা, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়, বিশিষ্ট সমাজসেৱক তনুৰাম ডেকা, লেখিকা পুতুলী ঠাকুৰীয়া মেধি, বিশিষ্ট শিল্পী নগেন বৈশ্য, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰী, দিবাকৰ নাথে বিহুৰ নান্দনিক দিশৰ ওপৰত আলোকপাত কৰে।  শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সাহিত্যিক পেন্সনাৰ,  কমল কলিতাই । সাংস্কৃতিক শোভাযাত্ৰা, শ্বহীদ তৰ্পণ, খেল-ধেমালি আৰু আধুনিক নৃত্য প্ৰতিযোগিতা, অসমীয়া সাজপাৰ প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত হয় । আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰায় ১০১ জন প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হয়। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান নিশা ৯ বজাত শেষ কৰিব লগা হয় ।  সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ নেপালি চ’কৰ পৰা দৰ্শকৰ  ভিৰ হয়৷নিশা জেং বিহু, হুঁচৰি, বাৰেৰহণীয়া কৃষ্টি আদিৰ প্ৰদৰ্শন কৰাৰ উপৰিও সাৰোদা হাজৰিকাই গীত পৰিৱেশন কৰে ।