নীলাচল জাতীয় বিদ্যালয়ত প্ৰাক্-ব’হাগী উৎসৱ ৰঙালীৰ ৰংচ’ৰা

নীলাচল জাতীয় বিদ্যালয়ত প্ৰাক্-ব’হাগী উৎসৱ ৰঙালীৰ ৰংচ’ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-   নীলাচল জাতীয় বিদ্যালয়ত প্ৰাক্-ব’হাগী উৎসৱ ৰঙালীৰ ৰংচ’ৰা অনুষ্ঠিত কৰা হয়৷অনুষ্ঠানৰ আৰম্ভণি কৰা হয় নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এটি জনগোষ্ঠীয় নৃত্যৰে৷ইয়াৰ পাছত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই প্ৰতি বছৰে বিদ্যালয়ত অনুষ্ঠিত কৰি অহা ৰঙালীৰ ৰংচ’ৰা অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত চমু ভাষণ আগবঢ়ায়৷ ইয়াৰ পাছতে বিদ্যালয়ৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ শৰ্মাক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে গামোচাৰে ব’হাগৰ ওলগ জনায়৷ সভাপতি বিদ্যালয়ৰ পৰা প্ৰতিবছৰে নিয়মীয়াকৈ প্ৰকাশ কৰি অহা হাতেলিখা অসমীয়া বৰ্ষপঞ্জী ’ওলগ’ উন্মোচন কৰে৷ লগতে ’ৰঙালী বিহু আৰু ইয়াৰ পৰম্পৰা’ বিষয়টিৰ ওপৰত চমুু ভাষণ আগবঢ়ায়৷ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মানসী দাসে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী  সকলে বিহুনৃত্য পৰিৱেশন কৰে৷