নিৰ্যাতনৰ চিকাৰ হোৱাৰ অভিযোগ দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা  

pc abp live

নিৰ্যাতনৰ চিকাৰ হোৱাৰ অভিযো দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা  

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তর্জাতিক প্রতিযোগিতাত পদক জয় কৰি ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দ্বাৰা নিৰ্যাতনৰ চিকাৰ হোৱাৰ অভিযোগ দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে।মহিলা ক্রীড়াবিদসকলৰ ওপৰত যৌন নিৰ্যাতনৰ লগতে মানসিক নিৰ্যাতনৰ ঘটনাই  দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে ফুটবলাৰ, চাইক্লিষ্ট আৰু জিমনাষ্টিকছৰ মহিলা খেলুৱৈয়ে ভাৰতীয় দলৰ প্ৰক্ষিশকৰ দ্বাৰা নিৰ্যাতনৰ চিকাৰ হোৱাৰ অভিযোগে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু এতিয়া কমনৱেলথ গেমছৰ প্ৰাকমুহূৰ্তত লাভলীনাৰ এই বিস্ফোৰক অভিযোগে স্বাভাৱিকতে ভাৰতীয় ক্রীড়া জগতত প্রবল ধুমুহাৰ সৃষ্টি কৰিছে।  সামাজিক মাধ্যমত এটা দীঘলীয়া টুইটযোগে অসম গৌৰৱ লাভলীনাই অভিযোগ কৰিছে  যে তেওঁ মানসিক নিৰ্যাতনৰ চিকাৰ হ’বলগীয়া হৈছে। নিজৰ টুইটত ক্ষুব্ধ লাভলীনাই কই— অতি দুখেৰে জনাবলগীয়া হৈছে যে মই যথেষ্ট মানসিক নির্যাতন সহ্য কৰিবলগীয়া হৈছে। যি দুগৰাকী প্রশিক্ষকে অলিম্পিকৰ পদক অৰ্জন কৰাত সহায় কৰিছিল তেওঁলোকক মোৰ প্ৰশিক্ষণৰ পৰা বাৰে বাৰে আঁতৰাই দি নির্যাতন চলাই আহিছে। ইয়াৰ ভিতৰত আছে দ্রোণাচার্য বঁটা বিজয়ী প্রশিক্ষক সন্ধ্যা গুৰুং। ইয়াৰ ফলত কমনৱেলথ গেমছৰ প্ৰস্তুতিত বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হোৱা বুলিও অভিযোগ কৰে লাভলীনাই। তেওঁ হাতযোৰ কৰি অনুৰোধ কৰাৰ পাছতহে প্ৰশিক্ষক দুগৰাকীক বহু পলমকৈ প্ৰশিক্ষণত অন্তর্ভুক্ত কৰা বুলিও অভিযোগ কৰিছে খেলুৱৈগৰাকীয়ে। যাৰ বাবে মানসিকভাৱে বিপর্যস্ত হৈ পৰিছে লাভলীনা। প্রশিক্ষক সন্ধ্যা গুৰুঙক গেমছ ভিলেজত প্রবেশ কৰিবলৈ নিদিয়া বাবে প্ৰতিযোগিতাখনৰ প্ৰাকমূহূৰ্তত তীব্ৰ চাপৰ সম্মুখীন হোৱা বুলিও লাভলীনাই অভিযোগ কৰিছে। লাভলীনাই লগতে টুইট কৰি কয় যে- ‘প্রশিক্ষক সন্ধ্যা গুৰুঙক ভিলেজত স্থান দিয়া হোৱা নাই, মাত্র ৮ দিন পাছতে মোৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সঠিক প্ৰস্তুতিৰ বাবে প্ৰশিক্ষকগৰাকীক মোৰ প্ৰয়োজন। মোৰ দ্বিতীয়গৰাকী প্ৰশিক্ষককো দেশলৈ পঠিয়াই দিয়া হৈছে। মই বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো তেওঁক ৰখা নহ’ল। ফলত মই যথেষ্ট মানসিক নিৰ্যাতনৰ সম্মুখীন হৈছোঁ। এনে অৱস্থাত মই খেলৰ ওপৰত ভালদৰে মনোনিৱেশ কৰিব পৰা নাই। এনে ঘটনাৰ বাবেই বিশ্ব চেম্পিয়নশিপত মই আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহ’লোঁ। কিন্তু ৰাজনীতিৰ বাবে কেতিয়াও কমনৱেলথ গেমছত বেয়া প্ৰদৰ্শন কৰিব নোখোজোঁ। ৰাজনীতিক সমুচিত প্ৰত্যুত্তৰ দিবলৈ মই দেশৰ হৈ পদক জিকিব বিচাৰে।। ইপিনে ভাৰতীয় বক্সিং ফেডাৰেচন (বি এফ আই)ৰ সম্পাদক হেমন্ত কলিতাই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জানিবলৈ দিছে। তেওঁ কয় যে প্রশিক্ষক সন্ধ্যা গুৰুঙৰ এক্রিডিটেচন এই পর্যন্ত নোহোৱা বাবে তেওঁক গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। এই বিষয়ত বি এফ আই আৰু ভাৰতীয় অলিম্পিক সন্থাই চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কাইলৈ তেওঁ গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে কলিতাই।