নিৰ্ভৰযোগ্য যোগান শৃংখলা সৃষ্টি কৰাৰ প্ৰয়োজন: ব্ৰিকছ বৈঠকত জয়শংকৰ

নিৰ্ভৰযোগ্য যোগান শৃংখলা সৃষ্টি কৰাৰ প্ৰয়োজন: ব্ৰিকছ বৈঠকত জয়শংকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাষণ প্ৰদান কৰি স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “ইউক্ৰেইন সংঘৰ্ষৰ প্ৰভাৱৰ ফলত শক্তি, খাদ্য আৰু সামগ্ৰীৰ ব্যয় তীব্ৰভাৱে বৃদ্ধি পাইছে।” তেওঁ লগতে কয় যে উন্নয়নশীল বিশ্বৰ বাবে ইয়াক হ্ৰাস কৰিব লাগিব।