নিজৰ পৰা নিজলৈহে হাঁহিবোৰ – অনন্যা পূজাৰী

Pc BBC

নিজৰ পৰা নিজলৈহে হাঁহিবোৰ

অনন্যা পূজাৰী
বোকাখাত

দুখবোৰ যদি একান্ত নিজৰ,
সুখৰ হাঁহিবোৰনো কিয় বা সকলোৰে মাজৰ!
হাঁহিৰ কাৰণ যদি একেবাৰে ওচৰৰ,
এৰি দিয়া কাৰণ নো কিয় বা সমাজৰ!

অলিয়ে গলিয়ে, কাষৰসকলৰ বাবে কৃপণালী নকৰাকৈ হাঁহি এটা এৰি দিয়াসকলৰ কেতিয়াবা নিজৰ ওপৰতে পুতৌ ওপজে।তেতিয়াই হাঁহিমুখীয়া বুলি পৰিচিত জনৰো হয়তো মন যায়; একেবাৰে নিজৰ বাবেহে হাঁহিবলৈ,মই নহ’লে ভাগৰি পৰাসকলৰ বাবেহে হাঁহিবলৈ,মোৰ হাঁহিত জুৰুৱা সকলৰ বাবে হাঁহিবলৈ।জুখিলে সেয়া যে তেনেই তাকৰ,যিসকল আছে সেয়া কিন্তু একান্তই নিজৰ। বস্তুৰ দৰেই কেতিয়াবা হাঁহিটো কিনক বা বেচক।বেয়া নোপোৱাকৈ কিন্তু মনটো বান্ধক। যিয়ে আপোনাৰ বাবে এৰিছে, আপোনাৰ পৰা বিচাৰিছে,আপোনাক এটি উপহাৰ হিচাপে দিছে তেওঁৰ বাবেই বিয়পাওঁক।মোৰ অবিহনে বা আপোনাৰ অবিহনে ঘৰখন হে কেৱল যদি আধৰুৱা; তাতে ফুলক,তাতে হাঁহক। বিনামুলীয়া বস্তুৰ অভাৱত কোনোবা জানো দুখীয়া হয়?দিবই বা কোনে! ল’ব নো কোনে! অথবা বিচাৰিব নো কাক! আনক পুতৌ কৰাটো যদিও বা কাল;নিজৰ বাবে কৰাটো অৱশ্যেই ভাল। ইয়াতেই সাহস;নিজৰ বাবে সাহস বা নিজৰ বাবেই মূল্যও এয়াই ….।