নিজৰ গুণবোৰ নিজে বখান কৰি নুফুৰিব
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আজিৰ সময়ত আমাৰ জীৱন প্ৰণালী ইমানেই জটিল হৈ পৰিছে যে, আজিকালি কিছুমান মানুহে কেৱল খ্যাতি অৰ্জনৰ পাছতহে দৌৰিবলৈ আৰম্ভ কৰি দিছে। অৰ্থাৎ এতিয়াৰ সময়ত কিছুমান মানুহৰ মনত কেৱল বিখ্যাত ব্যক্তি হোৱাৰ এক মানসিক বাসনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। সেই অনুসৰি মানুহে আজিকালি নিজকে আনতকৈ পৃথক বা আনতকৈ অধিক গুণসম্পন্ন বুলি সমাজৰ আগত নানান নিদৰ্শন দাঙি ধৰা দেখা যায় । আচলতে আমাৰ সমাজত বিৰাজমান ভণ্ড কিন্তু জ্ঞানী ব্যক্তিসকলে সঁচা অৰ্থত কবলৈ গ’লে প্ৰকৃততে এজন গুণসম্পন্ন ব্যক্তিৰ প্ৰধান আৰু একেবাৰে সাধাৰণ বৈশিষ্ট্য কি সেয়াই নিৰূপণ কৰিব নোৱাৰে। মই এতিয়ালৈকে উপলব্ধি কৰা মতে,এজন প্ৰকৃত জ্ঞানী আৰু গুণসম্পন্ন ব্যক্তি এজনে নিজে কৰা কাৰ্যবোৰৰ বা নিজৰ গুণসমূহ নিজে বখান কৰি নুফুৰে। অৰ্থাৎ নিজ মুখেদি নিজৰ প্ৰশংসা বুটলি আৰু আনৰ আগত নিজকে একেবাৰে ডাঙৰ মানু্হ সাজি বৰ বেয়া পায় প্ৰকৃত অৰ্থত এজন গুণসম্পন্ন ব্যক্তিয়ে।চাওঁক আপুনি যদি প্ৰকৃততে এজন জ্ঞানী আৰু গুণসম্পন্ন ব্যক্তি বুলি নিজকে বিবেচনা কৰে তেন্তে নিজৰ গুণবোৰ নিজে বখান কৰি নুফুৰিব। বৰ্তমান সময়ত নিজে নিজকে শ্ৰেষ্ঠ সাজিবলৈ বিচৰা ভণ্ড আৰু মূৰ্খ মানুহৰ সংখ্যা এই সংসাৰত অজস্ৰ আছে। কিন্তু তেওঁলোকে জ্ঞানী মানুহৰ লগত তুলনা কৰিবলৈ গৈ মুখা পৰিধান কৰা সত্বেও তেওঁলোকৰ প্ৰকৃত পৰিচয় জগতৰ আগত উজাগৰ হৈ পৰে। আপুনি কেনেকুৱা মানুহ, আপুনি প্ৰকৃততে কি বিচাৰে,কি কৰে অন্যান্য সকলোখিনি কথা-বতৰা লগতে আপোনাৰ ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰৰ বিষয়ে আপোনাৰ ঘৰৰ মানুহবোৰতকৈ অন্য বাহিৰৰ মানুহে বৰকৈ লক্ষ্য কৰি থাকে। গতিকে আপুনি নিশ্চিত হৈ আপোনাৰ যাত্ৰা অব্যাহত ৰাখক। আৰু আপুনি সচাকৈ যদি সমাজ এখনৰ বাবে শলাগনীয় পাত্ৰ তেন্তে লাহে লাহে হ’লেও সমাজৰ অন্যান্য মানুহে নিজে নিজেই আপোনাক আদৰ,মৰম, সন্মান প্ৰদানৰ উপৰিও আপোনাৰ সৎ আৰু মহান ব্যক্তিত্বৰ পৰিচয় ঠায়ে ঠায়ে দাঙি ধৰিব। মোৰ মতে আপুনি যদি পাৰে তেন্তে নিজে কেৱল নিজৰ বেয়া দিশবোৰ লৈয়ে মানুহবোৰৰ আগত চৰ্চা কৰক। এনেধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে এসময়ত গৈ আপুনি নিজৰ ভুল সমূহ নিজে সংশোধন কৰিবলৈ সক্ষম হ’ব।