নান্দীৰাগৰ দৰঙী লোক কৃষ্টিৰ সমাহাৰ ‘লোক স্পন্দন’

নান্দীৰাগৰ দৰঙী লোক কৃষ্টিৰ সমাহাৰ ‘লোক স্পন্দন’

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙৰ লোক সংস্কৃতিৰ সমাহাৰে বিমুগ্ধ কৰি তুলিলে মহানগৰীৰ দৰ্শকক৷ অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত ছিপাঝাৰৰ নান্দীৰাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয়ৰ সহযোগত ১২ ডিচেম্বৰত অনুষ্ঠিত কৰা হয় ‘লোক স্পন্দন’ শীৰ্ষক মননশীল অনুষ্ঠানত ৷ বিশিষ্ট লোক শিল্পী দিলীপ কুমাৰ নাথৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য ড॰ বলেন্দ্ৰ কুমাৰ দাসে৷ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠকে৷ অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘লোক স্পন্দন’ উন্মোচন কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে৷ অনুষ্ঠানত দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়া, টাই আহোম যুৱ পৰিষদৰ উপ সভাপতি বিপুল কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ কবি সন্মিলনৰ উপ-সমিতিৰ সদস্য দীপিকা শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণিতে দৰঙৰ অন্যতম লোক কলা ঢেপা ঢুলীয়া পৰিৱেশন কৰা হয়৷ দৰঙৰ লোক সৃষ্টিৰ অন্যতম কলা ঢেপা ঢুলীয়া পৰিৱেশন কৰে দিলীপ কুমাৰ বৰুৱা, ডিম্বেশ্বৰ নাথ, কামেশ্বৰ বৰদলৈ, সুৰেন বৰুৱা, বিজয় বণিয়া, প্ৰেমানন্দ শৰ্মাই৷ তাৰ পিছতে ব্যাসৰ ওজাপালি, চিয়াগীত, থিয়নাম, সুকনানি ওজা আৰু ব্যাসৰ ওজা, চেওচাপৰি নাম, নাঙেলী গীত, চেৰাঢেক, আইনাম, মহৌখুন্দা আদি পৰিৱেশন কৰা হয়৷ এই লোক কৃষ্টি সমূহ পৰিৱেশন কৰা দলসমূহৰ দলপতিক সম্বৰ্ধনা জনোৱা হয়৷ আনহাতে অনুষ্ঠানত দুগৰাকী লোকশিল্পী নিৰুপমা ডেকা আৰু দেৱেন্দ্ৰ চহৰীয়াক সম্বৰ্ধনা জনোৱা হয়৷