নাজিৰাত সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন

নাজিৰাত সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা-   অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ উদ্যোগত ৫ নৱেম্বৰত নাজিৰা নগৰৰ ১ নং ৱাৰ্ডত দিনজোৰা  কাৰ্যসূচীৰে সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা  পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ সভাপতি অৰূপ দাসে। স্মৃতি তৰ্পণ কৰে অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ সম্পাদক ৰাজীৱ দাসে।পুৱা সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে নাজিৰাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰদীপ দাসে। দিনৰ ১১ বজাত পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ ‘ক’ শাখাত আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ‘খ’ শাখাত ছাত্ৰ- ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ১.৩০ বজাত ভূপেন্দ্ৰ সংগীতত সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰা হয়।  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসম অনুসূচীত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাৰ লগতে চৰাইদেউ জিলাৰ অনুসূচীত জাতি পৰিষদৰ সভাপতি গোবিন্দ মহাপুৰুষীয়া। সন্ধিয়া  অ’এন জি চিৰ বিষয়া শান্তনু মেদকে মঞ্চ উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ – ছাত্ৰী সকলে ভূপেন্দ্ৰ সংগীত আৰু  নৃত্য পৰিৱেশন কৰে ।তাৰোপৰি বিশিষ্ট অনাতাঁৰ শিল্পী দিলীপ দাস ,শিৱ প্ৰসাদ  শইকীয়া , দীপাংকৰ  শইকীয়া, সংগীতা দাস ৰাইদঙ্গীয়া , যদুমণি হাজৰিকা, প্ৰিয়াংকী বৰুৱা , নিপু দাস আদিকে ধৰি ভালে কেইজনে স্থানীয় শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।