নাজিৰাত অ’ এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ : পৰিসম্পত্তি প্ৰৱন্ধকলৈ ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ

নাজিৰাত অ’ এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ : পৰিসম্পত্তি প্ৰৱন্ধকলৈ ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) অসম সম্পদে লোৱা কেতবোৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বীৰ লাচিত সেনা , অসমে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে লঘূ যান – বাহনৰ নিবিদা বাতিল কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক , থলুৱা বিৰোধী নীতি প্ৰত্যাহাৰ কৰক , অ’ এন জি চি গ’বেক, আছে হেংদাং লোৱা নাই – ললে হেংদাং ৰক্ষা নাই আদি শ্ল’গান – ধৰ্ণাৰে উত্তাল কৰি তোলে । সংগঠনটোৱে অ’ এন জি চি ৰ লঘু যান – বাহনৰ নিবিদা সমূহ পৰিকল্পিত ভাৱে বাতিল কৰাৰ সিদ্ধান্ত অতি শীৰ্ঘ্ৰে প্ৰত্যাহাৰ কৰা , গেলেকী , লাকুৱা , ৰুদ্ৰসাগৰ , আৰু পাটসাকোঁত একোটাকৈ আন্তঃক্ৰীড়া গৃহ নিৰ্মাণ কৰা , এল -১আৰু এল – ২ শ্ৰেণী বন্ধ কৰাৰ লগতে সত্য ভাৰতীয় পৰ্যায়ত গাড়ী নিবিদা প্ৰক্ৰিয়া বন্ধ কৰি অ’ এন জি চি অসম সম্পদৰ প্ৰভাৱিত অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক – যুৱতী সকলৰ লঘু যান -বাহনসমূহ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰা, অ’ এন জি চি অসম সম্পদৰ ঠিকা সমূহ বৰ্তমান ঠিকাদাৰে কি ভিত্তিত প্ৰায় ৬০-৭০শতাংশ তলত কাম কৰি আহিছে । গতিকে এই প্ৰক্ৰিয়া সমূহ বন্ধ কৰি থলুৱা ঠিকাদাৰ সকলক এটা নূন্যতম নিৰ্ধাৰিত মূল্যত কাম কৰিবলৈ সুবিধা প্ৰদান কৰা , নিগমৰ এলেকাধীন অঞ্চলসমূহত হৈ থকা প্ৰদূষণ ৰোধৰ ব্যৱস্থা কৰা আদিকে ধৰি ৬টাকৈ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ অ’ এন জি চিৰ অসম সম্পদৰ পৰিসম্পত্তি প্ৰৱন্ধকলৈ প্ৰদান কৰে । সাব্যস্ত কৰা এই প্ৰতিবাদৰ দাবী যদি অনতিপলমে অ’ এন জি চি কৰ্তৃপক্ষই পালন নকৰে তেনেহলে অনাগত দিনত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা নিগমৰ ৰীগ সমূহৰ খনন কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।