নাগপুৰ ৰে’ল ষ্টেচনত কম তীব্ৰতাৰ বিস্ফোৰক থকা এখন মোনা উদ্ধাৰ

pc The Indian Express

নাগপুৰ ৰে’ল ষ্টেচনত কম তীব্ৰতাৰ বিস্ফোৰক থকা এখন মোনা উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিশা প্ৰায় ৮ বজাত নাগপুৰ ৰে’ল ষ্টেচনৰ মুখ্য গেটৰ সন্মুখত কম তীব্ৰতাৰ বিস্ফোৰক থকা ৫৪ টা ডিটোনেটৰ থকা এখন মোনা পোৱা গৈছিল৷ ৰে’ল সুৰক্ষা বাহিনী (আৰপিএফ) আৰু বোমা চিনাক্তকৰণ আৰু নিষ্কাশন স্কোয়াডৰ (বিডিডিএছ) দলে ইয়াৰ তদন্ত কৰি আছে বুলি এজন ৰে’ল বিষয়াই জানিবলৈ দিয়ে। নাগপুৰৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে কয় যে ডিটোনেটৰত ক্ৰেকাৰৰ দৰে বিস্ফোৰক সামগ্ৰী আছিল।