নষ্টালজিয়া
এহিয়া আহমেদ, মৈৰাবাৰী
জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাহ
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া।
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰান সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।
