নব্বৈত ভৰি দিলে পদ্মশ্ৰী যতীন গোস্বামীয়ে- অঞ্জু শাণ্ডিল্য

নব্বৈত ভৰি দিলে পদ্মশ্ৰী যতীন গোস্বামীয়ে

অঞ্জু শাণ্ডিল্য

২৭ জুলাইৰ পুৱাবেলাতে মানুহজনে ফোন কৰিছিল। ভাবিলোঁ, আমাৰ কিবা লেখা চাগে ‘অসমীয়া প্ৰতিদিন’ত প্ৰকাশ হৈছে। কাৰণ মানুহজন ‘অসমীয়া প্ৰতিদিন’ৰ নিয়মীয়া পাঠক। আমাৰ লেখা প্ৰকাশ হ’লেই প্ৰায় ফোন কৰে, কিন্তু সেইদিনা কৈছিল- ‘অঞ্জু, দুই আগষ্টত আগবেলাতে আমাৰ ঘৰলৈ আহিবা। জন্মদিন বুলি বিশেষ দুজনমানক মাতিছো।’
মনটো ভাল লাগিল। ২০২০ চনৰ পৰা ক’ভিডকেন্দ্ৰিক পৰিৱেশৰ বাবে মানুহজনক লগেই পোৱা নাই। সদায়েই বিহু, পূজা, নৱবৰ্ষ,জন্মদিনত ফোনযোগেৰেই সেৱা, শুভেচ্ছা, ওলগ জনালে কয়- ‘আহিবা নেকি? পাৰা যদি আহিবাচোন।’
নাই, যোৱা দুবছৰে এদিনো যাব নোৱাৰিলো। লকডাউন, ক’ভিড প্ৰট’কল মানি আটাইবোৰ ঘৰতে সোমাই থকাত যোৱাই নহ’ল। আৰু এতিয়া আগৰদৰে ক’ভিড-১৯ৰ সন্ত্ৰাস, ভয়াবহতা নাই বাবে ২ আগষ্টত যাবলৈ মনতে থিৰাং কৰিলো। এইবাৰ ৯০ বছৰত ভৰি দিব হেনো, কিন্তু আমাৰ চকুৰ আগত মানহজনৰ ডেকা কালৰ ছবিখনহে ভাহি উঠে। জানো, আজি জন্মদিন হ’লেও ‘অসমীয়া প্ৰতিদিন’ কাকতখনত চকু ফুৰাৱই। আৰু এদিন কথা প্ৰসংগত তেখেতে কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ বহু নেতা- পালিনেতা, বিষয়া, মন্ত্ৰীৰ অপকৰ্ম, দুৰ্নীতি উদঙাই দিয়াৰ লগতে কাকতখনে এক নতুন ধাৰা সৃষ্টি কৰিছিল। প্ৰতিষ্ঠান বিৰোধী দৃষ্টিভংগী, সাধাৰণ জনতাৰ কথা প্ৰকাশ কৰাৰ বাবেও কাকতখন তেখেতৰ প্ৰিয়। সেয়ে জন্মদিন উপলক্ষে এই কাকততে তেখেতলৈ ওপজা দিনৰ ওলগ জনাই দুআষাৰ লিখিলো-
ধকধকীয়া ধুতী-পাঞ্জাবী পৰিহিত উজ্জ্বল গৌড়বৰ্ণৰ এজন চালে চকুৰোৱা চফল ডেকা। বাগিচাই বাগিচাই, চহৰে-নগৰে, গাঁৱে-গাঁৱে থিয়েটাৰ লৈ ফুৰে- ‘ভাস্কৰ থিয়েটাৰ’। ‘ভাস্কৰ থিয়েটাৰ’ৰ নৃত্য- নাটিকা, নাটক, সংগীতলেখা, দলীয় নৃত্য আদি সকলো পৰিচালনা কৰে ডেকাজনে। বহু সংগীতলেখা, নৃত্য-নাটিকা, দলীয় নৃত্যৰ গীত-মাত ৰচনা কৰাৰ লগতে নৃত্য পৰিচালনা- নিৰ্দেশনাৰ কামো কৰে। বিশেষকৈ চাহ বাগিচাসমূহত থিয়েটাৰ প্ৰদৰ্শন কৰোতে একোটা ঝুমুৰ নৃত্য থাকিবই আৰু চাহ বাগানীয়া দোৱান তথা কথিত ভাষাত ৰচনা কৰা গীত মাতবোৰো অন্তৰ্ভূক্ত কৰে। ঝুমুৰ নাচৰ আৰ্হিত ৰচনা কৰা ‘বাসন্তী চাদি’ শীৰ্ষক সত্তৰৰ দশকতে বাগিচাসমূহত প্ৰদৰ্শন কৰা নৃত্য- নাটিকাখনৰ কথা দৰ্শকে আজিও পাহৰা নাই। সেইসকল দৰ্শক এতিয়া বৃদ্ধ- বৃদ্ধা। কিন্তু নৃত্য- নাটিকাখন উপভোগ কৰোতে কিশোৰ-কিশোৰী, যুৱক-যুৱতী আছিল আৰু মঞ্চত পৰিৱেশন কৰোতে তেওঁলোকেও ঝুমুৰৰ তালে তালে নাচি উঠিছিল। ‘ভাস্কৰ থিয়েটাৰ’লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা সেই তৰুণজনৰ আজি ৮৯ বছৰ সম্পূৰ্ণ হʼল, কিন্তু এই বয়সতো দুৰন্ত তৰুণ হৈ আছে। কভিড-১৯ মহামাৰীৰ বাবেহে ২০২০ বৰ্ষত ছমাহমান ঘৰতে আবদ্ধ হৈ আছিল আৰু এই বৰ্ষতো এপ্ৰিল মাহৰ মাজভাগৰ পৰা ঘৰতে সোমাই আছে। তাৰ বাহিৰে এই দুৰন্ত তৰুণজনে সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণে জড়িত হৈ ভিন্ন ভিন্ন কৰ্মত নিয়োজিত হৈ আছে। অফুৰন্ত কৰ্মপ্ৰেৰণাৰে যুৱক হৈ থকাৰে পৰা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। কলা-সংস্কৃতিপ্ৰেমী এইজন লোকক অসমৰ বিভিন্ন দল সংগঠনে, অসমৰ ৰাইজে সন্মান-স্বীকৃতি প্ৰদান কৰিছে। ভাৰতে চৰকাৰে ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰিছে। অসম চৰকাৰে কিছুদিন পূৰ্বে ‘অসম বিভূষণ’, ‘অসম ভূষণ’ আদি সন্মান প্ৰদানৰ কথা ঘোষণা কৰিছে।অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আজীৱন অৱদান আগবঢ়োৱা এইজন লোককো ‘অসম বিভূষণ’ বা ‘অসম ভূষণ’ সন্মান প্ৰদান কৰিব পাৰে। এইজন আন কোনো নহয়, নৃত্যাচাৰ্য যতীন গোস্বামী। নৃত্যাচাৰ্যগৰাকীয়ে শৈশৱ-কৈশোৰ-যৌৱন কাল কেনেকৈ ক’ত কটাইছিল, কলা-সংস্কৃতিৰ জগতখনৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ’ল, কোনে প্ৰেৰণা দিলে, অসমৰ কলা-সংস্কৃতিলৈ তেখেতৰ অৱদান কিমান, সাংস্কৃতিক ক্ষেত্ৰখনত সমগ্ৰ জীৱনৰ অধিক সময় ব্যয় কৰোতে তেখেতে কঠোৰ জীৱন সংগ্ৰাম কেনেকৈ চলাইছিল, এই সকলো কথা সামৰি বাতৰি কাকতৰ সীমিত পৰিসৰত এটা দীঘলীয়া লেখা প্ৰকাশ কৰা সম্ভৱ নহয়। পিচলৈ সেই বিষয়ে সবিশেষ পাঠকক জনোৱাৰ আশাৰে আজি নৃত্যাচাৰ্যক জন্মদিনৰ অলেখ শুভকামনা যাচিলো।