নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গভীৰ শোক প্ৰকাশ

নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গভীৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বিশিষ্ট সত্ৰীয়া তথা ওডিছী নৃত্য পটীয়সী তথা সন্মানীয় সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক গৰিমা হাজৰিকাৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত ভৱেশ কলিতাই শিল্পী গৰাকীৰ মৃত্যুত অসমে এক বলিষ্ঠ সাংস্কৃতিক সম্পদ হেৰুৱালে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে অসমৰ কলা-সাংস্কৃতিক জগতখনলৈ গৰিমা হাজৰিকাই আগবঢ়াই যোৱা অৱদান অসমৰ জনসাধাৰনে চিৰদিন মনত ৰাখিব। কলিতাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।