নদী আৰু নাৰী
এছ ইছলাম, বৰপেটা
পৰ্বত-পাহাৰৰ পৰা বৈ অহা
তুমি পাহাৰী কন্যা
বুকুত বয় কিমান যে বন্যা
পলস পেলোৱা প্লাৱন ভূমিত
হাঁহি ফুটোৱা কৃষকৰ মুখত।
চলাচল কৰে কত নাও-নৌকা
ইপাৰ ভাঙা সিপাৰ গঢ়া
কত যে গৃহ হীন কৰিলা
কত চৰ চাপৰি
পৃথিৱী বিখ্যাত নদী-দ্বীপ গঢ়িলা।
তোমাৰ গৰ্ভত মৎস্য উৎপাদন
কোনেও কৰিব নোৱাৰে নিবাৰণ
তোমাৰ ৰসত সজীৱ এই ধৰণী
তুমি য়ে বিশ্বব্ৰহ্মাণ্ডৰ জননী।
নাৰী তুমি নদীৰ দৰে
নানা ঘাত-প্ৰতিঘাতৰ মাজেদি
আছা জীৱজগত পোহপাল দি
নাৰী সংসাৰৰ উন্নতি ও পতনৰ মূল
সৃষ্টিৰ মূলতেই নাৰী
নাৰীয়ে জগত জননী।
নাৰীয়ে মাতৃ নাৰীয়ে ধাত্ৰী
তোমাৰ গৰ্ভত জনম লৈছো
মহান দাৰ্শনিক ,পণ্ডিত , বৈজ্ঞানিক
সেয়ে নাৰী জগত জননী
নাৰীৰ গুনে সংসাৰ উজ্জ্বলে
নাৰীৰ প্ৰতি কু-দৃষ্টিৰে চাব নেলাগে।