নতুন এভিয়েশ্বন ইনষ্টিটিউট উদ্বোধন

নতুন এভিয়েশ্বন ইনষ্টিটিউট উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ গুৱাহাটীৰ আদিত্যম বিল্ডিঙত স্কাইৱে এয়াৰলিংক প্ৰাইভেট লিমিটেডৰ(Skyway Airlink Pvt. Ltd)উদ্যোগত আজি নতুন এভিয়েশন ইনষ্টিটিউট উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধন কৰে অসম পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ভাষণ প্ৰসংগত তেওঁ কয় যে বিমান পৰিবহণ স্কাইৱে এয়াৰলিংক সংস্থাই অসম গুৱাহাটীৰ ল’ৰা-ছোৱালীৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ সৃষ্টি কৰিছে। প্ৰায় ক’বলৈ গ’লে ল’ৰা-ছোৱালীৰ চাকৰিৰ পথ মুকলি হৈ গৈছে আৰু তেওঁলোকে কামৰ বাবে বাহিৰলৈ ওলাই যাব নালাগে। এই সংস্থাটোৰ সৈতে মোৰ সম্পূৰ্ণ সহযোগিতা থাকিব। সংগঠনটোৰ সমৃদ্ধি কামনা কৰিলোঁ। এই সংস্থাটোৱে অচিৰেই ভৱিষ্যতে অসম, গুৱাহাটী, শিলচৰ, ত্ৰিপুৰা, আগৰতলাত তেওঁলোকৰ বিমান খণ্ডৰ চাকৰি মুকলি কৰিব।