নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক ভয়ংকৰ কাণ্ড সংঘটিত

pc Time8

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক ভয়ংকৰ কাণ্ড সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত মাছ ব্যৱসায়ী এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক ভয়ংকৰ কাণ্ড সংঘটিত হ’ল। বটদ্ৰৱা আৰক্ষী থানা  এটা সম্প্ৰদায়ৰ উন্মত্ত দলে অগ্নিসংযোগ কৰি ছাৰখাৰ কৰি পেলায়। একমাত্র থানাখনেই নহয়, জুইৰ লেলিহান শিখাই নিমিষতে গ্ৰাস কৰিলে থানাখনৰ মালখানাৰ লগতে বহু গোচৰৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ। দুপৰীয়া প্ৰায় ২.৩০ বজাত সংঘটিত হয় সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই ঘটনা। এই আক্ৰমণত আৰক্ষীৰ দুজন কনিষ্টবল গুৰুতৰভাৱে আহত হয়। দুর্বৃত্তৰ ৰুদ্ৰ ৰূপ দেখি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পলাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী থানা আক্রমণৰ দৰে গুৰুতৰ অপৰাধত জড়িত থকা তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত এই তিনি দুর্বৃত্ত হ’ল মজিবৰ ৰহমান, আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম। উল্লেখ্য যে বটদ্ৰৱা আৰক্ষীয়ে ধিং থানাৰ অন্তৰ্গত ছালনাবড়িত ছফিকুল ইছলাম নামৰ পোনা মাছৰ ব্যৱসায়ী এজনক আটক কৰিছিল। আৰক্ষীৰ জিম্মাত থকা এইজন ছফিকুল ইছলামৰ ৰহস্যজনকভাৱে মৃত্যু হয়। উত্থাপিত অভিযোগ অনুসৰি ছফিকুল ইছলামক নথিপত্র নথকা এখন বাইক চলোৱাৰ অপৰাধত আটক কৰাৰ পাছত প্রথমে এটা হাঁহৰ বিনিময়ত আৰু পাছত ১০ হাজাৰ টকাৰ বিনিময়ত মুকলি কৰি দিব বুলি পৰিয়ালক অবগত কৰিছিল আৰক্ষীয়ে। পৰিয়ালৰ লোকে আৰক্ষীয়ে বিচৰা টকা লৈ থানালৈ আহে যদিও আৰক্ষীয়ে যুৱকজনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জনায়। কিন্তু পৰিয়ালে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা স্থানতহে উদ্ধাৰ কৰে ছফিকুলৰ মৃতদেহ। এই বার্তা লাভ কৰাৰ পাছতে একাংশ আত্মীয় আৰু শ শ লোকৰ সহযোগত বটদ্ৰৱা থানালৈ আহি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। প্ৰথমে দলটোৱে আৰক্ষীৰে বাকযুদ্ধত লিপ্ত হয় আৰু পাছত ভয়ংকৰ আক্ৰমণ চলায় থানাত। প্ৰতিবাদৰ নামত ৰাজপথলৈ ওলাই অহা শ শ উন্মত্ত লোকে আৰক্ষীলৈ চোঁচা লৈ প্ৰথমে থানাৰ ভিতৰভাগ লণ্ডভণ্ড কৰাৰ পাছত দুজনকৈ আৰক্ষী জোৱানক গণপ্ৰহাৰ কৰে। পৰিস্থিতি ইমানইে ভয়ংকৰ হৈ পৰে যে সেই সময়ত উন্মত্ত এই লোকসকলক বাধা দিবলৈ নাছিল কোনো আৰক্ষী। আনকি মহিলা আৰক্ষীকো খেদি পঠিয়ায় দুর্বৃত্তৰ দলটোৱে। আৰক্ষী কনিষ্টবল দুজনক দুর্বৃত্তৰ দলটোৰ পৰা কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেনে সময়তে দুগৰাকী মহিলাই পূর্বপৰিকল্পিতভাৱে হাতত লৈ অহা বটলভর্তি পেট্র’ল ছটিয়াই দি থানাখনত অগ্নিসংযোগ কৰে প্ৰত্যক্ষদর্শীৰ ভাষ্য অনুসৰি প্ৰথমতে থানাৰ সন্মুখলৈ আহি প্ৰতিবাদ কৰা লোকসকলক কিছু সময়ৰ পাছতে সংগ দিয়ে শ শ লোকে। তেনে লোকসকলৰ মাজৰ পৰা চাৰিজন যুৱকে বাইকেৰে গৈ পেট্র’ল আনি উন্মত্ত দুর্বৃত্তৰ মাজত থকা দুগৰাকী মহিলাৰ হাতত তুলি দিছিল। সেই পেট্ৰ’লৰ বটল লৈয়ে এগৰাকী মহিলাই থানাখনলৈ আগবাঢ়ি গৈ বাৰাণ্ডাত থকা মটৰচাইকেলসমূহত পেট্র’ল ছটিয়াই দিছিল আৰু আনগৰাকীয়ে দিয়াচলাইৰে জুই জুলাই দিছিল থানাখনত। এনেদৰে কাৰ্যতঃ এই মহিলা দুগৰাকীয়েই থানাখনত অগ্নিসংযোগৰ নেতৃত্ব লৈছিল। ইয়াৰ পাছতেই দুর্বৃত্তৰ দলটোৱে থানাখনৰ নথিসমূহ, পাছত অস্ত্র-শস্ত্র মজুত থকা মালখানাটো জুলাই দিয়ে। নিমিষতে সমগ্ৰ থানাখন জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ লগতে মালখানাত থকা অস্ত্র-শস্ত্রসমূহো সম্পূৰ্ণৰূপে জুইত জাহ যায় ।