ধৰ্ষণকাৰী  দিলীপ পোদ্দাৰক  ২০ বছৰৰ  কাৰাদণ্ড

PC-Hindustan Times

ধৰ্ষণকাৰী  দিলীপ পোদ্দাৰক  ২০ বছৰৰ  কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা –  কামৰূপ (মহানগৰ) জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে নুনমাটিত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা দিলীপ পোদ্দাৰ নামৰ এজন লোকক  ২০ বছৰৰ সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰিছে  । আদালতে পছকো আইনৰ অধীনত দোষী সাব্যস্ত কৰি পোদ্দাৰক কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে । এই জৰিমনা আদায়ত ব্যর্থ হ’লে তেওঁ অতিৰিক্তভাৱে ৬ মাহ কাৰাবাস খাটিব লাগিব।২০১৯ চনত দিল্লীত পোদ্দাৰে নুনমাটিৰ এগৰাকী কিশোৰীক ফুচুলাই ধৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকী গৰ্ভৱতী হয় আৰু এটা সন্তান জন্ম দিয়ে। কেইবাগৰাকীও সচেতন ব্যক্তি আৰু এটা বেচৰকাৰী সংস্থাৰ সহযোগত সমগ্র ঘটনাক লৈ নুনমাটি আৰক্ষী থানাত ৩৩৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ ভিত্তিতে সত্ৰ ন্যায়াধীশৰ আদালতত ১৩৭/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত পোদ্দাৰৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিচাৰ প্ৰক্ৰিয়াৰ সময়তে নুনমাটি আৰক্ষীয়ে দিলীপ পোদ্দাৰৰ বিৰুদ্ধে তথ্য-প্ৰমাণৰ বাবে ডিএনএ পৰীক্ষাৰ অনুমতিও বিচাৰে। লগে লগে আদালতে প্ৰদান কৰা যাৱতীয় অনুমোদনত দিলীপ পোদ্দাৰৰ ডিএনএ পৰীক্ষা কৰোৱা হয়। ডিএনএ পৰীক্ষাৰ প্রতিবেদনৰ ভিত্তিতে আদালতে দিলীপ পোদ্দাৰক দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্রম কাৰাদণ্ড বিহে।