ধৰ্মৰ প্ৰতীক ব্যৱহাৰ কৰা ৰাজনৈতিক দলৰ বিৰুদ্ধে আবেদনক লৈ ভাৰতীয় নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ৰ জাননী

Pc Free Press Journal

ধৰ্মৰ প্ৰতীক ব্যৱহাৰ কৰা ৰাজনৈতিক দলৰ বিৰুদ্ধে আবেদনক লৈ ভাৰতীয় নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ৰ জাননী

ৰঙিলী বাৰ্ত্তাসেৱা– ধৰ্ম বা ধৰ্মীয় অৰ্থ ব্যৱহাৰ কৰা ৰাজনৈতিক দলসমূহক আৱণ্টন কৰা প্ৰতীক আৰু নাম বাতিল কৰাৰ আবেদনৰ পিছত  উচ্চতম ন্যায়ালয়ে ভাৰতীয় নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে। এই আবেদনত কোৱা হৈছে যে সংবিধানৰ ধৰ্মনিৰপেক্ষ মূল্যবোধৰ উল্লেখ কৰি ভোটাৰক প্ৰলোভিত কৰিবলৈ ধৰ্ম ব্যৱহাৰ কৰাটো ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন  ১২৩ নং ধাৰাত কঠোৰভাৱে নিষিদ্ধ ।