ধৰ্মীয় সংখ্যালঘুৰ বিপৰীতে জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- ধৰ্মীয় সংখ্যালঘুৰ বিপৰীতে জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ দাবী জনাইছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি নুৰুল হ’ক আৰু যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদে কয়-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ মে’ মাহৰ অন্তিমখন অৰ্থাৎ ২৯ মে’ত কেবিনেটত অসমৰ ধৰ্মীয় সংখ্যালঘু সকলক প্রমানপত্র দিয়াৰ যি সিদ্ধান্ত গ্রহণ কৰিছে সেই বিষয়টোত একমত হ’ব পৰা নাই৷ কেবিনেটৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যত কিছু ক্রুতি আৰু আসোৱাহ দেখা পোৱা গৈছে৷ চৰকাৰী পক্ষই উল্লেখ কৰা ইছলাম ধৰ্মাৱলম্বী মুছলমান শব্দটোত কোন খিনি মুছলমানৰ কথা কৈছে। সেই কথাটোৰ স্পষ্টীকৰণ দিব লাগে বুলি অনুভৱ কৰিছোঁI কাৰণ মুছলমান হিচাপে অসমত থলুৱা বহিৰাগত প্রব্রজনকাৰী আদি ভিন্ন প্রকাৰৰ আছে। অসমৰ সকলো থলুৱা জাতি জনগোষ্ঠীৰ উপৰিও বৰ্তমানৰ চৰকাৰে গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ ইতিবৃত্ত ভালকৈ জানেI তাৰ পাছতো সকলোকে একাকাৰ কৰিব বিছৰাটো সহজ ভাবে মানি লব পৰা নাই৷ কোনো কাৰণতে সকলো মুছলমানক একাকাৰ কৰি ধৰ্মীয় সংখ্যালঘু বুলি কোৱা মুছলমানৰ লগত একেখন মঞ্চত কোনো দিনে নাথাকে আৰু একত্রিত নহয়। যিহেতু বিগত সময়ত আমি নিজকে কোনো দিনেই সংখ্যালঘু বুলি ভবা নাই আৰু সংখ্যালঘুৰ নামত অহা সকলো সা-সুবিধাৰ আচঁনি আদিৰ পৰা কেতিয়াও লাভৱান হোৱা নাই আৰু এই ধৰ্মীয় সংখ্যালঘুৰ মাজতে সংখ্যালঘু হৈ বছৰ বছৰ ধৰি বঞ্চিত আৰু অৱহেলিত হৈ আহিছে। সকলোবোৰ কথা অত্যন্ত গভীৰ আৰু সুক্ষ্মভাৱে জনাৰ পাছতো আজি মুখ্যমন্ত্ৰীৰ তেনে এক বিপৰীত বক্তব্য সংবাদ মাধ্যমত দেখা পোৱা গল। যি বক্তব্যই পুনৰ গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ লোক সকলক কেৱল অসন্তুষ্ট কৰাই নহয় প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি হৈ অহা অপমানিত, কেতিয়াবা বাংলাদেশী, কেতিয়াবা বহিৰাগত, বিদেশী, ডি ভোটাৰ হোৱাৰ উপৰিও বিদেশীৰ সন্দেহত ডিটেনচন কেম্পলৈ পঠোৱা হৈছিল এই থলুৱা জনগোষ্ঠীৰ লোক সকলক , একমাত্ৰ ধৰ্মটো একে হোৱাৰ বাবে। সংগঠনটোৱে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে একমাত্ৰ সুকীয়া জনগোষ্ঠীয় পৰিচয় বিচাৰি। মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকক সংখ্যালঘুৰ নামত একাকাৰ কৰি আমাৰ জনগোষ্ঠীয় পৰিচয় নিঃশেষ হোৱাটো আমি কেতিয়াও মানি ল’ব নোৱাৰো।অসম চৰকাৰৰ এই কৌশলপূৰ্ণ, হঠকাৰী সিদ্ধান্তই অসমৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘদিনীয়া দাবীক নস্যাৎ কৰা যেন লাগিল। জনগোষ্ঠী কেইটাৰ সন্মান আৰু স্বাভিমানত আঘাট হনা পৰিলক্ষিত হৈছেI
আমাৰ জনগোষ্ঠী কেইটাৰ এইখন অসমত গৌৰৱ উজ্জ্বল ইতিহাস, ঐতিহ্য, বৰ্ণিল কৃষ্টি-সংস্কৃতি আছে। নিজ জনগোষ্ঠীয় পৰিচয় থকাৰ পাছতো আমাক সংখ্যালঘু সকলৰ সতে একাকাৰ কৰি কোৱা কথা বতৰা অত্যন্ত দুখজনক। এই ক্ষেত্ৰত আমি সংগঠনৰ তৰফৰ পৰা অসম চৰকাৰক কঠোৰভাৱে নিন্দা কৰিছোঁ। ইতিহাস প্রসিদ্ধ জনগোষ্ঠী কেইটাক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা নকৰিব বুলি এই চৰকাৰৰ ওপৰত আমাৰ এতিয়াও আস্থা আৰু বিশ্বাস আছেI মুখ্যমন্ত্ৰীয়ে বিশেষকৈ সকলো ইছলাম ধৰ্মাৱলম্বীৰ লোকক যাতে সংখ্যালঘু সজাই একাকাৰ নকৰে। মুখ্যমন্ত্ৰীৰ সেই বক্তব্য পুনৰ সংশোধন কৰি গৰিয়া মৰিয়া দেশী সকলক জনগোষ্ঠীয় পৰিচয়ৰ আধাৰত চিনাক্ত কৰণৰ ব্যৱস্থা কৰাৰ লগতে সংখ্যালঘু প্রমানপত্রৰ পৰা বাতিল কৰাৰ দাবী জনালোঁ। আমাৰ সুকীয়া জৰীপ কৰি গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠী সকলক সুকীয়া জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ ব্যবস্থা কৰকIতেতিয়াহে এই থলুৱা ইছলামধৰ্মী সকল ৰক্ষা পৰিব আৰু মান-মৰ্যাদা সহকাৰে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই বসবাস কৰি থাকিব পাৰিব।