ধেমাজিত ৩খন দলং উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে

pc Facebook

ধেমাজিত ৩খন দলং উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে

অনলাইন বাৰ্ত্তাসেৱা – ৩০ ছেপ্তেম্বৰৰ দিনা ধেমাজিত ৩খন দলং উদ্বোধন কৰা হয়। সেইকেইখনৰ হৈছেঃ

▶️ বেঞ্জেনাগোৰা-কোঠালগুৰি পথত ফাতিহা-বৰদুবি নদীৰ ওপৰত (পি.এম.জি.এছ.ৱাই. ২০১৭-১৮)।

▶️ দুচুটিমুখ-কাইটং সংযোগী দলং (পি.এম.জি.এছ.ৱাই. ২০১৮-১৯)।

▶️ মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত বাটুৱা-ৰংকুপ পথৰ ওপৰত বাটুৱা নদী।

এই কাৰ্য সম্পন্ন কৰি পিডব্লিউডি দলক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই উদ্ধোধনী কাৰ্যত যোগদান কৰে মন্ত্ৰী ৰানোজ পেগু, অজন্তা নেওগ আৰু সাংসদ প্ৰদান বৰুৱাই। সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যজুৰি পথ সংযোগ উন্নত কৰাটো গুৰুত্বপূৰ্ণ বুলি লগতে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।