অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীৰ ফটাশিল আমবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক সমিতিৰ উদ্যোগত বুধবাৰে থানা এলেকাৰ ধীৰেণপাৰাত ৱাৰ্ড ভিত্তিত কোভিড আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰাৰ কাৰণে এক সমদল উলিওৱা হয়। ৬নং ৱাৰ্ডৰ দেৱেন খাখলাৰী পথ, ৰঘুনাথ পথ, সুভাষ পল্লী, বহনুৰ আলী, শংকৰদেৱ পথত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পথত থকা দোকান, ঘূৰি ফুৰা লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে সজাগ কৰি দিয়ে৷ উক্ত কাৰ্যসূচীত কেন্দ্রীয় নাগৰিক সমিতিৰ সভাপতি প্রভাত কুমাৰ দাস, ফটাশিল আমবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাইদুল ইছলাম, জনসেৱাৰ সভাপতি-সম্পাদক ক্রমে কুমুদ শৰ্মা, নুৰুল হক আহমেদ, অগপৰ ৭নং ৱাৰ্ডৰ সম্পাদক উজ্জ্বল কলিতা, নৱবিকাশ ফাউণ্ডেচনৰ সম্পাদক আখটাৰ হুছেইন, নাগৰিক সমিতিৰ ইন্দ্ৰজিৎ বৰ্মন, হীৰেন মেধি প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।