ধিঙৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ ন্যায় বিচাৰি বিক্ষোভ
ৰঙিলী বাৰ্ত্তাসেৱা- আৰ জি কৰ মেডিকেল কলেজৰ ছাত্ৰীগৰাকীৰ নৃশংস ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ ছাত্ৰ, মহিলা,যুৱ সহ সৰ্বস্তৰৰ ৰাইজ ক্ষোভত ফাটি পৰিছে। তাৰেই প্ৰতিক্ৰিয়া অন্ত নপৰতেই নগাঁওৰ ধিঙত দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ ওপৰত তিনিগৰাকী নৰপিশাচে জপিয়াই পৰি দলবদ্ধ ধৰ্ষণ কৰে। বিহালীতো এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী ছাত্ৰী। আজি ছাত্ৰ সংগঠন এ আই ডি এছ অ’ , মহিলা সংগঠন এ আই এম এছ এছ আৰু যুৱ সংগঠন এ আই ডি ৱাই অ’ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত ধিঙৰ কিশোৰী ছাত্ৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে উলুবাৰীৰ ভলভ পইন্টত বিক্ষোভ প্ৰদৰ্শন কৰা হয়।ভালেসংখ্যক ছাত্ৰ – ছাত্ৰী, মহিলা আৰু আৰু প্ৰতিবাদী ৰাইজে সমবেত হৈ “ধিঙৰ কিশোৰী ছাত্ৰীগৰাকীৰ নৃশংস ধৰ্ষণকাৰীসকলক ফাঁচী দিয়ক, ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক, নাৰী হত্যা – ধৰ্ষণ বন্ধ কৰক, ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ যোগেদি নাৰীৰ ওপৰত আক্ৰমণৰ সকলো ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰক, We want justice” আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এ আই ডি এছ অ’ৰ ৰাজ্যিক উপসভাপতি পল্লৱ পেগুৰ পৰিচালনাত আয়োজিত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এ আই এম এছ এছ’ৰ ৰাজ্যিক কমিটীৰ সদস্য প্ৰণীতা বৰ্মনে কয় যে সৰু ফুলকোমলীয়া ছোৱালীৰ ওপৰত পাশৱিক ধৰ্ষণ ঘটনাত অত্যন্ত দুখজনক। তেওঁ কয় যে প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে এই দেশত ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে। ছোৱালীসকলৰ ওপৰত এনেধৰণৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিব নোৱাৰি। সেয়েহে সকলো অপৰাধীক অবিলম্বে গ্ৰেপ্তাৰ কৰাৰ লগতে ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ যোগেদি বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ তেওঁ দৃঢ়তাৰে দাবী জনায়। এ আই ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে কয় যে যুৱচামৰ নৈতিক মেৰুদণ্ড ধ্বংস কৰাৰ প্ৰধান কাৰক পৰ্ণোগ্ৰাফী আৰু মদ -ড্ৰাগছৰ ব্যাপক প্ৰচলন। অথচ এইসমূহৰ প্ৰচলন বন্ধ কৰাৰ পৰিৱৰ্তে চৰকাৰে উৎসাহ – উদ্গনি আগবঢ়াই আছে । ফলত চৰিত্ৰ ধ্বংস কাৰী এই কাৰকসমূহ বন্ধ কৰাৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে লগতে উন্নত সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব লাগিব।উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এ আই ডি ৱাই অ’ৰ অসম ৰাজ্যিক কমিটীৰ কাৰ্যালয় সম্পাদক কমৰেড বিজিত সিনহাই ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।