ধিঙৰ কান্ধুলিমাৰী খৈৰামাৰী হাই মাদ্ৰাছাত ফাতেহা -ই-দোৱাজ দহম পালন 

ধিঙৰ কান্ধুলিমাৰী খৈৰামাৰী হাই মাদ্ৰাছাত ফাতেহা -ই-দোৱাজ দহম পালন 

ধিং, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত কান্ধুলিমাৰী খৈৰামাৰী হাই মাদ্ৰাছাত দিনযোৰা কাৰ্য সূচীৰে ফাতেহা-ই-দোৱাজ দহম পালন কৰা হয়।কাৰ্যসূচী অনুসৰি,পুৱা ১০ বজাত কোৰান পাঠ আৰু জিকিৰ জাৰী অনুস্থান অনুষ্ঠিত হৈ যায়। ১১ বজাত গজল প্ৰতিযোগিতা আৰু ওৱাজ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।১২ বজাত ইছলামিক কুইজ প্ৰতিযোগিতা অনুস্থিত হয়। বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামী আৰু মাদ্ৰাছাখনৰ শিক্ষক ছৈয়দুৰ ৰহমানে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্র -ছাত্ৰী সকলক বঁটা প্ৰদান কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। বিয়লি ২ বজাত অঞ্চলটোৰ সমাজ কৰ্মী আপতাব উদ্দীনে পৰিচালনা কৰা সভাখনত স্থানীয় বিধায়ক আমিনুল ইছলামে কয়—মহাপুৰুষ মহাম্মদক অনুকৰণ কৰি জীৱন যাপন কৰিলে পৃথিৱীত পুনৰ শান্তি ঘূৰি আহিব। মুকলি সভা খনত কদমণি টাইটেল মাদ্ৰাছাৰ শিক্ষক মৌলানা নছেদ আলিয়ে ভাষণত কয়–হজৰত মহম্মদক কথা কৈ শেষ কৰিব নোৱাৰি।হজৰত মহম্মদে মানুহক হত্যাৰ কাৰণে জেহাদ কৰা নাছিল।সত্য প্ৰতিষ্ঠাৰ কাৰনেহে জেহাদ কৰিছিল। সভাখনত যুৱ নেতা হবিবুৰ ৰহমান আৰু আব্দুল মাজিদ খানে হজৰত মহম্মদৰ নীতি আৰু আদৰ্শৰে আগবঢ়ি যাবলৈ সকলো ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়। সভাখনত মাদ্ৰাছা খনৰ শিক্ষক জাকিৰ হুছেইন,ছাইফুল ইছলাম,মাণিক দে চৰকাৰ,মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক নজৰুল ইছলাম ৰাববানি, মানস ভূঞা,ৰূপক বৰাকে আদি কৰি মাদ্ৰাছা খনৰ ছাত্র ছাত্ৰীৰ লগতে কান্ধুলিমাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনামূল হকৰ লগতে ছাত্র-ছাত্ৰী সকল উপস্থিত আছিল।