ধনৰ বিনিময়ত পৰীক্ষা অথবা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি মণ্ডল-গাঁওবুঢ়াৰ নিযুক্তি দিছিল এডিচি ছাইবুৰ ৰহমানে

Pc- The Shillong Times

ধনৰ বিনিময়ত পৰীক্ষা অথবা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি মণ্ডল-গাঁওবুঢ়াৰ নিযুক্তি দিছিল এডিচি ছাইবুৰ ৰহমানে

ৰঙিলী বাৰ্ত্তাসেৱা- এ ডি চি ছাইবুৰ ৰহমান ধুবুৰী জিলাত অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত ধনৰ বিনিময়ত নিযুক্তি দিছিল গাঁওবুঢ়া আৰু মণ্ডলক।কোনোধৰণৰ পৰীক্ষা অথবা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি একোজন গাঁওবুঢ়া-মণ্ডলৰ পৰা নিযুক্তিৰ নামত আদায় কৰিছিল ৭-১৫ লাখ টকালৈ। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ জালত পৰা ছাইবুৰ ৰহমানে তেওঁৰ দুয়োগৰাকী পত্নীৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ়ি তুলিছিল বিশাল সম্পত্তি। গুৱাহাটী মহানগৰীতেই কেইবাটাও স্থানত ক্ৰয় কৰিছিল ভূমি। ইতিমধ্যে নিলম্বিত বিষয়াজনৰ সম্পত্তিৰ তালিকা প্রস্তুত কৰি তোলা তদাৰকী শাখাই শেহতীয়াকৈ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত কিদৰে ছাইবুৰ ৰহমানে নিযুক্তিৰ নামত ধন আহৰণ কৰিছিল, তাৰ তথ্য পোহৰলৈ আনিছে।