দৰভাঙ্গা ৰেল ষ্টেচনত বিস্ফোৰণঃ গোচৰত দুজন অভিযুক্তক গ্ৰেপ্তাৰ
অনলাইন বাৰ্তাসেৱা – বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) বিহাৰৰ দৰভাঙ্গা ৰে’ল ষ্টেচন বিস্ফোৰণৰ সন্দৰ্ভত লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদী বুলি অভিযোগ কৰা দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত দুজনক ইমৰান মালিক আৰু নাছিৰ খান বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক মূলতঃ উত্তৰ প্ৰদেশৰ চামলীৰ, তেওঁলোকে বৰ্তমান হায়দৰাবাদৰ নামপল্লীত বাস কৰি আছিল।
ঘটনাটো ১৭ জুনত সংঘটিত হৈছিল যেতিয়া ৰেল ষ্টেচনৰ ১ নং প্লেটফৰ্মত এটা পাৰ্চেলত বিস্ফোৰণ হৈছিল। অৱশ্যে, কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল। পাৰ্চেলটো চেকেন্দ্ৰাবাদ-দৰভাঙ্গা এক্সপ্ৰেছত পৰিবহন কৰা হৈছিল।
এন.আই.এ য়ে প্ৰকাশ কৰে যে অভিযুক্ত নাছিৰ খানে ২০১২ চনত পাকিস্তান ভ্ৰমণ কৰিছিল আৰু বোমা নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।
By : MM