দৰঙৰ ৰঙামাটি অঞ্চলৰ শৈক্ষিক দিশত নতুন সংযোজন আৰ এম গ্ৰুপ অব ইডুকেশ্বন
মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিযোগীতা মূলক পৰীক্ষা সমূহত শিক্ষাৰ্থীসকলৰ উত্তৰণৰ বাবে দৰং জিলাৰ বৃহত্তৰ ৰঙামাটি অঞ্চলৰ RM Group of Education নামে এটা শৈক্ষিক গোটে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ competitive Exam, SSC, TET, Railway, Banking, Postal, Assam govt. Grade III & IV ইত্যাদিৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে অভিজ্ঞ সমল ব্যক্তিৰ দ্বাৰা নিয়মীয়া পাঠদানৰ কাৰ্যসূচী জিলাখনৰ শিক্ষাৰ্থীসকলৰ বাবে হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে যোৱা ৯ জুলাইত ৰঙামাটি পাব্লিক হাইস্কুলত বন্তি প্ৰজ্বলনেৰে পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা দৰং জিলাৰ উপায়ুক্ত মুনিন্দ্র নাথ ঙাটে ই। জিলাৰ উপায়ুক্তজনে শৈক্ষিক গোটৰ পদক্ষেপত সন্তোষ প্ৰকাশ কৰি এনেধৰণৰ কৰ্মসূচীয়ে শিক্ষাৰ্থীসকলক বৌদ্ধিক যোগ্যতা অৰ্জনত অনুপ্ৰাণিত কৰিব বুলি মত পোষণ কৰে। আনহাতে মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বড়াই শিক্ষাৰ্থী সকলৰ লগতে উপস্থিত সকলোকে মনোজ্ঞ ভাষণেৰে অনুপ্ৰাণিত কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত আছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক তথা শৈক্ষিক গোটটিৰ উপদেষ্টা শশাঙ্ক হাজৰিকা,খনিন্দ্ৰ ৰাজবংশী, ৰিদিপ বৰুৱা , নৰুল আলম, পবিত্র হাজৰিকা, গকুল শৰ্মা, বিশিষ্ট সমাজকৰ্মী, ৰক্তদাতা শেখৰ মজুমদাৰ, জিতুমনি চহৰীয়া , ৰঙামাটি পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক অজিত ডেকা প্ৰমুখ্যে কেবাজনো ভিন্ন ক্ষেত্ৰৰ আমন্ত্ৰিত ব্যক্তিৰ লগতে ভালেসংখ্যক শিক্ষাৰ্থী। শৈক্ষিক গোটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মৃদুল বৰা আৰু প্ৰতিষ্ঠাপক সচিব ৰাহুল ডেকাই গোটৰ প্ৰস্তাৱিত কাৰ্যসূচী সমূহৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই আগন্তুক দিনত অধিক প্ৰসাৰত মনোনিবেশ কৰিব বুলি প্ৰকাশ কৰে।