দৰঙৰ মুদৈবড়ি শংকৰদেৱ শিশু নিকেতনে শিক্ষক – অঙ্গনবাড়ী কৰ্মী, কৃতী ছাত্ৰক জনালে সম্বৰ্ধনা
*অকল পাঠ্যপুথিৰ জ্ঞানেই নহয় সংস্কাৰৰ শিক্ষা দিয়ে শংকৰদেৱ শিশু নিকেতনে*
অসমীয়া প্ৰতিদিনৰ সাংবাদিক গণেশ দত্ত সম্বৰ্ধিত*
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ‘শংকৰদেৱ শিশু নিকেতনে মাতৃভাষাৰে উন্নত শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক সংস্কাৰিত কৰি আহিছে। এনে শিক্ষা গ্ৰহণ কৰি বহু ছাত্ৰ ছাত্ৰী বিভিন্ন ক্ষেত্ৰত উজলি উঠিছে আৰু সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগাইছে।’ এই ভাষ্য মঙলদৈৰ বিধায়ক বসন্ত দাসৰ। শংকৰদেৱ শিশু নিকেতন মুদৈবড়িৰ উদ্যোগত মুদৈবড়িত কালি অনুষ্ঠিত এখন বিশেষ সম্বৰ্ধনা সভা উদ্বোধন কৰি তেওঁ লগতে কয়, ‘মুদৈবড়িৰ শংকৰদেৱ শিশু নিকেতনৰ যি অভাব অভিযোগ আছে সেয়া সমাধান কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।’ নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মাৰ সভাপতিত্বত দিনৰ দুই বজাত অনুষ্ঠিত এই সভাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰাই নিদিষ্ট বক্তাৰ ভাষণত কয় যে, কৃতী ছাত্ৰ ছাত্ৰী, অঙ্গনবাড়ী কৰ্মী, সাংবাদিক আৰু দৰঙৰ বিভিন্ন প্ৰান্তৰ কৃতী শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি শংকৰদেৱ শিশু নিকেতনে মহৎ কাম কৰিছে। তেওঁ লগতে শংকৰদেৱ শিশু নিকেতনত পাঠ্যক্ৰম আৰু আধ্যাত্মিক জ্ঞান লাভ কৰি ছাত্ৰ ছাত্ৰী সকল অতি নম্ৰ আৰু ভদ্ৰ প্ৰকৃতিৰ হয় বুলি কয়। ছাত্ৰ ছাত্ৰী সকলে গীত – নৃত্য পৰিবেশন কৰা এই সভাত ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ললিতা ডেকা, মঙলদৈ টাউন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নয়না কৰ্মকাৰ, শান্তিপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গৌতম শৰ্মা, সমাজসেৱক অনিতা ৰাজবংশী, বীণাপানী কলিতা আদি উপস্থিত থাকে। মুখ্য সম্পাদক হেৰম্ব প্ৰসাদ কলিতাই আঁত ধৰা এই সভাত শংকৰদেৱ শিশু নিকেতন, মুদৈবড়িৰ কৃতী ছাত্ৰ – ছাত্ৰী ক্ৰমে- জ্যোতিস্মিতা মহন্ত, পাৰ্থপ্ৰতীম কলিতা, খনিন্দ্ৰ কলিতা, অসমী শৰ্মা, প্ৰণিতা বড়োক অভিনন্দন জ্ঞাপন কৰা হয়। আনহাতে দক্ষ অঙ্গনবাড়ী কৰ্মী নৱলতা বৰদলৈ, ৰমিলা বড়ো, ফুলেশ্বৰী বড়ো, ভনিতা কটকী কলিতা, মীনাক্ষী শইকীয়া, দীপালী ডেকা কলিতা, পাপৰি চহৰীয়া, অৰ্চনা ডেকা মহন্ত, অসমীয়া প্ৰতিদিনৰ মঙলদৈৰ সাংবাদিক গণেশ দত্ত, ৫০ জন কৃতী শিক্ষকক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ পূৰ্বে শংকৰদেৱ শিশু নিকেতন, মুদৈবড়িৰ প্ৰতিষ্ঠাপক সদস্য চমক ডেকাই পৰিবেশ নিকাকৰণ, কাৰ্যকৰী সভাপতি কুলেন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন, উপসভাপতি পদ্মেশ্বৰ চহৰীয়া, কোষাধ্যক্ষ মুকুল কলিতা, প্ৰাক্তন প্ৰধান আচাৰ্য্য গণেশ চন্দ্ৰ বড়ো, যুটীয়া সম্পাদক দুৰ্লভ কুমাৰ কলিতা, গৌৰীকান্ত শৰ্মা, সাংগঠনিক সম্পাদক কল্পনা দেৱীয়ে বৃক্ষৰোপন আৰু সভাপতি সঞ্চয় বড়োই পতাকা উত্তোলন কৰে।