দৰঙৰ ছিপাঝাৰত নতুন ৰেচন কাৰ্ড বিতৰণ

দৰঙৰ ছিপাঝাৰত নতুন ৰেচন কাৰ্ড বিতৰণ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ছিপাঝাৰৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত কালি ছিপাঝাৰ বিধানসভা সমষ্টিৰ নতুনকৈ ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। ছিপাঝাৰ বিধানসভা সমষ্টিত ১১৬০০ খন নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠান মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ শক্তি, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা,সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোছাই হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ সৰ্বত্ৰে পৰিৱৰ্তন আহিছে। জনসাধাৰণে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুফল পোনপটীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। নতুনকৈ ৰেচন কাৰ্ড পোৱাসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া তেওঁলোকে ৰেচন কাৰ্ড যোগে অসমতে উৎপাদন হোৱা চাউল লাভ কৰিব। চৰকাৰে অসমৰ কৃষকৰ পৰা ক্ৰয় কৰা ধানৰ চাউলেই হিতাধিকাৰীসকলে লাভ কৰিব। এয়া পৰিৱৰ্তনৰ উদাহৰণ। তেওঁ কয় যে ৰাজ্যখনৰ সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আৰু উন্নয়ন সাধন হৈছে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে দৰং জিলাত খেল মহাৰণত অভিলেখ সংখ্যক প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰাটো এক উৎসাহজনক বিষয় বুলি উল্লেখ কৰি নৱপ্ৰজন্মৰ খেলুৱৈক হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে চৰকাৰে বিভিন্ন আঁচনিৰে ৰাইজৰ সুখ বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাইজে এতিয়া চৰকাৰৰ আঁচনিয়ে দিয়া সুখ আৰু আনন্দ উপভোগৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগে। এখন ৰেচন কাৰ্ডৰ পৰাই বিনামূলীয়া চাউল, গেছ সংযোগ, পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ আদি বিভিন্ন সুবিধাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা আগবঢ়ায়। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যা মহিলাক লাখপতি কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে। মহিলাসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা লাভান্বিত হৈছে আৰু ইয়াৰ ফলত পৰিয়াল আৰু সমাজত তেওঁলোকৰ সন্মান বৃদ্ধি পাইছে। মহিলা সবলীকৰণে সমাজত যুগান্তকাৰী পৰিবৰ্তন আনিছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। ছিপাঝাৰ সমষ্টিৰ ১১৬০০ গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু ইয়াৰ পৰা ৩১৮২২ গৰাকী হিতাধিকাৰী উপকৃত হ’ব বুলি তেওঁ লগতে কয়।