দৰঙত শোক দিৱস পালন
মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাত ১৬ আগষ্টত জিলা আয়ুক্তৰ কাৰ্যালয়ত শোক দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত শোক সভাত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে হিংসা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু শান্তি, সামাজিক শৃংখলা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰি শপত বাক্য পাঠ কৰে । এই সভাত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকলৰ লগতে আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ আন বিভিন্ন কাৰ্যালয়সমূহতো ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৰণ, মৌনপ্ৰাৰ্থনা আৰু হিংসা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণেৰে এই শোক দিৱস পালন কৰা হয়। উল্লেখ্য যে, ২০০৪ চনৰ ১৫ আগষ্টৰ পৱিত্ৰ দিনটোত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱস কাৰ্যসূচীত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত ৰাজ্যখনত প্ৰতি বছৰে শোক দিৱস পালন কৰা হয়।