দৰঙত পুনৰ সংঘটিত হ’ল সমাজক লজ্জানত কৰা ঘটনা

Pc The Janambhumi

দৰঙত পুনৰ সংঘটিত হ’ল সমাজক লজ্জানত কৰা ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ দৰঙত সংঘটিত হ’ল সমাজক লজ্জানত কৰা ঘটনা। সমাজে এঘৰীয়া কৰা লোকক ঘৰলৈ মাতি পূজাৰ প্ৰসাদ খুওৱাৰ বাবে বিপদত পৰিল এটা ব্ৰাহ্মণ পৰিয়াল।সমাজে এঘৰীয়া কৰা এগৰাকী ব্যক্তিক ঘৰলৈ মাতি পূজাৰ প্ৰসাদ খুওৱাৰ অপৰাধত সমাজচ্যুত হ’ল এটা পৰিয়াল।এই লজ্জাজনক ঘটনা সংঘটিত হৈছে দৰঙৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২নং ঘোঁৰাশাল গাঁৱত।গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীৰ ঘৰত বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি থোৱা লোক এজনে পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো৷ দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ  ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি, সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমূহৰ বাসগৃহত কোনো অনুস্থানতে ভাগ লব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে৷ পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাৰ স্বাক্ষৰ আছে। উল্লেখযোগ্য যে,পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী দীনেশ শৰ্মা বিগত এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ  থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।কিন্তু বৰ্তমান উক্ত ঘটনাটোৰ পিছত ৰাইজে মহিলা গৰাকীক দিন হাজিৰাৰ বাবে বিছৰা নাই৷যাৰ ফলত সমাজখনৰ এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ এতিয়া পৰিয়ালটো মানসিকভাৱে ভাগি পৰিছে।