দৰঙত জিলা উন্নয়ন সমিতিৰ বৈঠক

দৰঙত জিলা উন্নয়ন সমিতিৰ বৈঠক

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগে জনোৱা মতে জিলা উপায়ুক্ত মুণীন্দ্ৰ নাথ নাটেৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপায়ুক্তগৰাকীয়ে জিলাখনৰ লোকনিৰ্মাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, কৃষি, ভূমি সংৰক্ষণ, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, উদ্যোগ আৰু বাণিজ্য আদি বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় । উক্ত বিভাগসমূহে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্বনৰ জৰিয়তে বিভাগীয় কামকাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে । উপায়ুক্তগৰাকীয়ে বিভিন্ন বিভাগৰ অধীনত চলি থকা নিৰ্মাণ কাৰ্যসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ৰূপায়ন কৰা এনে আঁচনি আৰু প্ৰকল্পসমূহৰ কাম বিধিসন্মতভাৱে সময় অনুসৰি সম্পূৰ্ণ কৰিব লাগিব । এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্তসকল আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।