দৰঙতো অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচীৰ শুভাৰম্ভ

দৰঙতো অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচীৰ শুভাৰম্ভ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ আন জিলাসমূহৰ লগতে দৰং জিলাতো যোৱাকালিৰ পৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হৈছে। দৰঙৰ জিলা পুথিভঁৰালত মঙলদৈ পৌৰসভাই আয়োজন কৰা অসম সাংস্কৃতিক মহাসভাৰ অন্তৰ্গত প্ৰতিযোগিতাসমূহ উদ্ধোধন কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই। সাংসদগৰাকীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ গাঁৱে-ভুঞে থকা সাংস্কৃতিক প্ৰতিভাসমূহৰ বিকাশৰ বাবে অসম সাংস্কৃতিক মহাসংগ্ৰাম এক অভিনৱ আৰু প্ৰশংসনীয় কাৰ্যসূচী। এনে অভূতপূৰ্ব কাৰ্যসূচী গ্ৰহণৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় । তেওঁ কয় যে এনে অনুষ্ঠানে নৱপ্ৰজন্মক বৰ অসমৰ সংস্কৃতিৰ চৰ্চা আৰু সাংস্কৃতিক ঐতিহ্যৰ ধাৰা অব্যাহত ৰাখিবলৈ কাম কৰি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব । উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জড়িয়তে ৰাজ্যখনৰ চুকে-কোণে থকা নৱপ্ৰজন্মৰ ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীলৈ তেওঁলোকৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ বাবে এক উপযুক্ত মঞ্চ আগবঢ়োৱা হৈছে । এই সুযোগ গ্ৰহণৰ বাবে তেওঁ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। উক্ত এই উদ্বোধনী অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসো উপস্থিত থাকে। ছিপাঝাৰ গাঁও পঞ্চায়ত আৰু পৌৰসভাই দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘত আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে এই মহাসংগ্ৰামে অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰ ধাৰা অব্যাহত ৰখাৰ লগতে নৱপ্ৰজন্মক ৰাজ্যখনৰ থলুৱা সংস্কৃতিৰ চৰ্চা আৰু বিকাশত মনোনিৱেশ কৰিবলৈ প্ৰেৰণা যোগাব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত গ্ৰহণ কৰা এনে অভূতপূর্ব পদক্ষেপে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ অধিক সমৃদ্ধ কৰিব বুলি তেওঁ মন্তব্য কৰে। জিলাখনৰ চপাই, আউলাচৌকা, লোকৰাই, বুঢ়ীনগৰ, দেওমৰনৈ, ভুড়াৰগড়, দলগাওঁ, টেঙাবাৰী আদি গাঁও পঞ্চায়ততো অসম সাংস্কৃতিক মহাসংগ্ৰামৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, অঞ্চলটোৰ বিশিষ্ট নাগৰিক, সংস্কৃতিপ্ৰেমী ব্যক্তি, সাংস্কৃতিক কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰামত অংশৰূপে জ্যোতিসংগীত, ৰবীন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য (দলীয়), অসমৰ লোক নৃত্য (দলীয়) প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা ১২-১৮ বছৰ, ১৯-২৪ বছৰ, ২৫-৩৫ বছৰ এই তিনিটা শাখাত অনুষ্ঠিত হ’ব । গাঁও পঞ্চায়ত / ৱাৰ্ড/ভিচিডিচি/এম এ চি পৰ্যায়ৰ পৰা ক্ৰমে বিধানসভা, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত এই মহাসংগ্ৰামৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।