দেৰগাঁও সাহিত্য সভাৰ “শতবৰ্ষ উদযাপন”ৰ ‘গুৱাহাটী মহানগৰ’ উপ সমিতি গঠন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ গুৱাহাটীৰ নেহা আগৰৱালা সভা কক্ষত দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদ্যাপন সমিতিৰ সভাপতি নুৰুল চুলতানৰ সভাপতিত্বত দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদ্যাপন সমিতি আৰু গুৱাহাটীস্থ দেৰগঞা সকলৰ উদ্যোগত গুৱাহাটীত বসবাস কৰা দেৰগঞাঁ সকলৰ এখনি সভা অনুষ্ঠিত হয়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ অন্যতম আহ্বায়ক সাহিত্যিক জয়ন্ত মাধৱ বৰাই।ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা,লক্ষ্মীনাথ ফুকন,চৈয়দ আব্দুল মালিক,জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকন আদি বৰেণ্য লোকসকলৰ জন্মস্থানৰ “দেৰগাঁও সাহিত্য সভা’ৰ “শতবৰ্ষ উদ্যাপন’’ৰ বিভিন্ন দিশত সভাত পৰামৰ্শ আগবঢ়াই ড° মনোৰমা শৰ্মা,প্ৰণামিকা শৰ্মা,ৰাজীৱ শৰ্মা,অমিতাভ বৰঠাকুৰ,প্ৰবীণ কুমাৰ শইকীয়া,বিতোপন বৰবৰা,অৰ্চনা বৰঠাকুৰ,অৱণী বৰা,খগেন দহোটীয়া,ড° ছৈয়দ আবু নাছেৰ ছাইদ আহমেদ,সুৰঞ্জন দত্ত,ঋষিকেশ হাজৰিকা,আবু আহমেদ,ড° নেকিব হুছেইন,পল্লব ঠাকুৰ,দীপিকা খাউণ্ড,সৌৰভ কুমাৰ বৰা আদিয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চিন্তামণি মহন্ত,মৃগাংক শেখৰ শৰ্মা,কাশ্যপ ঠাকুৰ,পৰেশ কুমাৰ শৰ্মা,ৰশ্মিৰেখা শইকীয়া,মানস বৰঠাকুৰ,ছৈয়দ মঞ্জুৰ কাদিৰ,তন্ময় কন্দলী,মন্টু শইকীয়া,ড° প্ৰদীপ গোস্বামী,অপূৰ্ব শৰ্মা খাউণ্ড,ছাইদ ৰাদিউল হুছেইন,ৰঞ্জন জ্যোতি খাউণ্ড,জিন্তু বৰঠাকুৰ,বৰষা ৰাণী বৰা,দীপক শৰ্মা,ৰছিদ আৰিফ হুছেইন,মেৰীলান দত্ত,ৰশ্মিৰেখা বায়ন,সম্প্ৰীতি বায়ন,স্মৃতিকণা মজুমদাৰ,,প্ৰাঞ্জল পূজাৰী,পঙ্কজ ভট্টাচাৰ্য,জুলি হাজৰিকা,দেৱজিত নন্দন গগৈ,ডা°মানস মোহন হাজৰিকা,ভাৰ্গৱ বেজবৰুৱা,দীপাঞ্জলি বৰা,চৈয়দ ফৰ্জিনা জাহান মৰ্চদা,চৈয়দ মাহমুদ ৰহমান ,পৰিনান্ধি জিমা চুলতানা আদি উপস্থিত থকা সভাখনত দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত আৰু শতৰ্বষ উদ্যাপন সমিতিৰ কৰ্ণধাৰ সমিতিৰ সদস্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভোলা হাজৰিকা প্ৰমুখ্যে অৱণী বৰঠাকুৰ,বিদ্যান বৰদলৈ,দীপ বৰঠাকুৰ,মিলনজ্যোতি খাটনিয়াৰ,শান্তুমণি শৰ্মা,দুষ্মন্ত মাধৱ দত্ত,পংকজ প্ৰতীম দত্ত,চিৰঞ্জীৱ বৰা আদি শতবৰ্ষ উদ্যাপন সমিতিৰ বিষয়-ববীয়া,সদস্য সকল উপস্থিত থাকে৷সভাই দেৰগাঁও সাহিত্য সভাৰ “শতবৰ্ষ উদ্যাপন’’ৰ সহায়ক হোৱাকৈ সাহিত্যিক জয়ন্ত মাধৱ বৰাক সভাপতি,ড°নেকিব হুছেইন আৰু ড° মনোৰমা শৰ্মাক কাৰ্যকৰী সভাপতি,বিতোপন বৰবৰা আৰু অৰ্চনা বৰঠাকুৰক সাধাৰণ সম্পাদক হিচাপে লৈ “গুৱাহাটী মহানগৰ উপ-সমিতি’’খন গঠন কৰে।সভাই অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়োৱা বৰেণ্য দেৰগঞা লেখক সকলৰ লগতে ভাষা,সংস্কৃতি,সাংবাদিকতা আদিলৈ আগবঢ়োৱা অৱদানৰাজী অসমৰ ৰাইজৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে গুৱাহাটীত স্মাৰক বক্তৃতা,গ্ৰন্থ প্ৰণয়ন,উজনিৰ বিশেষ সাংস্কৃতিক বিষয় প্ৰসাৰ আদি সিদ্ধান্ত লোৱাৰ লগতে শতবৰ্ষ উদ্যাপনৰ সকলো কাৰ্যসূচীতে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাই গুৱাহাটীত এটা “দেৰগাঁও ভৱন’’ স্থাপনৰ কাৰণে সিদ্ধান্ত কৰি প্ৰাথমিক কাম-কাজ আগবঢ়াবলৈ এটি সৰু গোট গঠন কৰে।