দেশৰ  ২৯ সংখ্যক মুৰব্বী হিচাপে  দায়িত্বভাৰ  গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ

PC-Times Mumbai

দেশৰ  ২৯ সংখ্যক মুৰব্বী হিচাপে  দায়িত্বভাৰ  গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ

ৰঙিলী বাৰ্ত্তাসেৱা-তদানীন্তন সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগে জেনেৰেল মনোজ পাণ্ডেক  দেশৰ সেনাৰ ২৯ সংখ্যক মুৰব্বী হিচাপে  দায়িত্বভাৰ অৰ্পণ কৰা হয়। ক’ৰ অৱ ইঞ্জিনীয়াৰৰ পৰা প্ৰথমগৰাকী বিষয়া হিচাপে দেশৰ সেনাৰ উপ-মুৰব্বীৰ দায়িত্বত থকা পাণ্ডে আজি সেনাৰ মুৰব্বীৰ দায়িত্ব লোৱা প্ৰথমগৰাকী ক’ৰ অৱ ইঞ্জিনীয়াৰৰ পৰা অহা বিষয়া । ১ ফেব্ৰুৱাৰীত সেনাৰ উপ-মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰা জেনেৰেল পাণ্ডে ইষ্টার্ন আর্মী কমাণ্ডাৰৰ দায়িত্বত থাকি ছিকিম আৰু অৰুণাচলত কাৰ্যনির্বাহ কৰিছিল। মনোজ পাণ্ডেই ১৯৮২ চনত সেনাৰ ক’ৰ অৱ ইঞ্জিনীয়াৰত নিযুক্তি পাইছিল ।