দেউতা- ৰাজলক্ষ্মী বৰঠাকুৰ

pc- Inc. Magazine

দেউতা

“দেউতা ” ই এটা শব্দ নহয় ,
মোৰ সফলতাৰ আঁৰত থকা ব্যক্তি জন।
দেউতা যাৰ আঙুলিত ধৰি নাইবা যাৰ চাইকেলত
বহি আমাৰ স্কুলীয়া জীৱন আৰম্ভ হয়।
আনৰ আগত এই জনী মোৰ ছোৱালী বুলি
গৌৰৱেৰে চিনাকি দিয়া জনেই মোৰ
“দেউতা “।
পৃথিৱীত কেৱল এজনেই মানুহ আছে ,
যিয়ে নিজতকৈ বেছি উজ্জ্বল ভবিষ্যত
নিজৰ সন্তানৰ হোৱাতো বিচাৰে ।
সেইজন হৈছে “দেউতা “।
আমাক দুবেলা দুমুঠি খোৱাবৰ বাবে
নিজৰ তেজক পানী কৰা জন ,
মাৰ দৰে দেখুৱাই মৰম নকৰিলেও
আমাক মনে প্রাণে ভালপোৱা জন,
জীৱন যুঁজত আমাক হাৰিবলৈ নিদি প্রতিটো
খোজত সহায় কৰা জনেই হল
” দেউতা “।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট