দুৱাৰ দলিত বসন্ত
চৈয়দা জেবীন চাবীৰা শ্বাহ
সভানেত্ৰী , অসম সাহিত্য সভা ,
উত্তৰ আমেৰিকা
নিউয়ৰ্ক , আমেৰিকা
(অকালতে সৰি পৰা এক আৰক্ষীৰ নামত উৎসৰ্গিত )
পথৰ সিপাৰৰ খেল-পথাৰ খনিত
জাক-জাক ল’ৰা-ছোৱালীৰ হাঁহি খিকিন্দালিত
আমাৰ নিজম ঘৰ হৈ উঠে জীবন্ত,
কোনোটো প্ৰশান্ত, কোনোটো অশান্ত
কোনোটো আকৌ দূৰ্দান্ত ।
সিহঁতৰ কোলাহল খুন্দা খাই সুউচ্চ বেৰত
যেন খেলি থকা স্কোৱাশ বল।
ভিতৰত জুহালৰ সুগন্ধি বতাহত ফুৰিছে উৰি
ভাগিনীহঁত আহিব আজি মহানগৰী ফুৰি,
একমাত্ৰ মোমাইৰ শিল্পী হাতে আলফুলে থৈ যায় ইখনৰ পিছত সিখন
ডোঙা, দেখিলেই জিভাপানী পৰা
খাদ্যৰ লানি নিচিগা শাৰী।
পিয়াঁজ-নহৰু-আদা, লং-ইলাছী-দালচেনী-তেজপাত,
তাতোকৈ বেছি ঢালিছে অজস্ৰ মৰম তাত
আলফুলে সেউজীয়া মিহিকৈ কুটা ধনীয়া পাত।
ঘৰৰ ধূলি মাকতি মোহাৰি থাকোতে
কাণত আহি খুন্দা মাৰে
পাৰ্কত খেলি থকা বলৰ দৰে,
তোমাৰ নামে ক্ষণে ক্ষণে
খুন্দা মাৰে উফৰি যায়
আকৌ আহি পৰে;
মাথো মোৰ কোঠালিত
কোনো বেৰ নাই
কোনো মজিয়া নাই
মাথো আকাশ চৌদিশে!
তাৰেই কৰবাত নেদেখা কোনোবা কোণত
তোমাৰ নামে খুন্দা মাৰি যায় আৰু আহে,
হৃদয়ৰ ছন্দৰ তালে তালে,
লগে লগে, পলে পলে!