দুৰ্ভিক্ষ
এছ ইছলাম, শিক্ষক, বৰপেটা
সৃষ্টিৰ পাতনিৰে পৰাই
চলি আছে জীৱন সংগ্ৰাম
পেটৰ তাৰণাত
ঘূৰিছে ফুৰিছে অনবৰত
ক’ত ফলমূল পোৱা যায়
ক’ত বনৰীয়া জীৱ-জন্ত
ধৰি মাৰি খাবলৈ পাই।
আজিও মানুহ কত কি কৰি আছে
কেৱল দুৰ্ভিক্ষৰ কাৰণেই
কি গাওঁত
কি চহৰত
কি নগৰত
কতজনে দিন হাজিৰা কৰি আছে
ঠেলা-ৰিক্সা চলাইছে
পেলনীয়া বস্তু ডাষ্টবিনত বিচাৰিছে
দেখিলে চকুলো ওলাই আহে!
দুৰ্ভিক্ষৰ কাৰণেই জন্মস্থান এৰি
বিদেশলৈ গৈছে
কত যুৱক-যুৱতীয়ে
অন্ধকাৰ গলিত ঘূৰিছে ফুৰিছে
কেৱল দুৰ্ভিক্ষৰ কাৰণেই
গৰাখহনীয়া, খৰাং,বানপানী ধুমুহাৰ
প্ৰৱল প্ৰবাহত সৰ্বহাৰা হৈছে।