দুখৰ ৰাতি নুপুৱাই – এছ ইছলাম বৰপেটা

PC - Freepik
দুখৰ ৰাতি নুপুৱাই
এছ ইছলাম বৰপেটা
ডাঁৱৰে আৱৰা আকাশ খনি
নাই জোনাকৰ পোহৰ
নাই অকণো আকাশত তৰা
ঢিমিক-ঢামাক জোনাকী পৰুৱাই
দিছে অকণ মান পোহৰ।
ঘোপমৰা আকাশত
মেঘৰ গুম গুম শব্দত
তুমি নথকাৰ বাবেই
টোপনি নাই মোৰ চকুত।
দুৰু দুৰু কঁপনি উঠিছে হৃদয়ত
জলগুঁইৰ ভয়াল মাত
বাঢ়নি পানীয়ে বুৰি পেলাইছে
গাঁৱৰ ৰাস্তা আলিবাট।
গৰু-ছাগলীৰ কৰুণ চিঞৰত
তত নাই মোৰ গাত
প্ৰাণৰ ভয়ত ভেকুলীৰ কাতৰ চিঞৰ
সাপে ধৰিছে তাত।
দুখৰ ৰাতি নুপুৱাই
আৱৰি ধৰিছে অশ্ৰুৰ ঢল
দুখৰ ৰাতিৰ দীর্ঘ সময়বোৰ
আছে পুৱাৰ কিৰণৰ অপেক্ষাত
হুমুনিয়াত বিৰবিৰাই উঠে গাত
দুখৰ ৰাতি কেতিয়া পুৱাব
দুখুনী হৃদয়ত?