দীপ বায়নক অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি

Pc- facebook

দীপ বায়নক অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-   নিৰ্বাচনী বিপৰ্যয়ৰ পাছত ৰাজ্যজুৰি ৩৩ লাখ সদস্যভৰ্তি অভিযানেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ সাংগঠনিক বিস্তৃতিত গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে দলীয় দায়িত্ববাহী সকলৰ ক্ষেত্ৰতো পৰিবৰ্তনৰ ইংগিত দি সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশায়ে বৰ্তমানে ইয়ং ব্ৰিগেড, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দীপ বায়নক তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান কৰিছে। লক্ষ্যনীয় যে দলীয় টিকটত নিৰ্বাচিত হৈও ক্ষমাতাধিষ্ঠিত হ’ব নোৱৰাৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰি শাসক দলৰ অংশ হ’বলৈ ধাপলি মেলা দলটোৰ একাংশ বিধায়ক আৰু দলীয় কৰ্মীৰ মাজত প্ৰকট হৈ উঠা নীতি-আদৰ্শৰ সংকটৰ এনে অশুভ ৰাজনৈতিক বাতাবৰণৰ ক্ষণত সেৱা দলৰ মুখ্য সংগঠক হিচাপ বায়নৰ এই নিযুক্তি যথেষ্ঠ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো কংগ্ৰেছ দল তথা দলীয় সদস্যসকলৰ মাজত দলীয় আদৰ্শৰ বীজ ৰোপনৰ মূল ভেটি সেৱা দলৰ গুৰুত্ব দলীয় মঞ্চত লাঘৱ হোৱাৰ পৰাই দলটোৰ নেতা-কৰ্মী একাংশৰ মাজত আদৰ্শগত সংকট ঘনীভূত হোৱালৈ লক্ষ্য কৰি যোৱা ২০১৮ বৰ্ষত ৰাহুল গান্ধীৰ তৎপৰতাত সেৱা দলৰ যুৱ শাখাৰ ৰূপত ইয়ং ব্ৰিগেডৰ সৃষ্টিৰে যুৱ প্ৰজন্মক কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াস চলোৱা হৈছিল। অসমতো দীপ বায়নৰ নেতৃতত অতি কম সময়ৰ ভিতৰতে ইয়ং ব্ৰিগেডে সমগ্ৰ দেশৰ ভিতৰতে উল্লেখনীয় সফলতা লাভ কৰালৈ চাই এইবাৰ অসমত কংগ্ৰেছ সেৱা দলক অধিক শক্তিশালী কৰি তোলাৰ বাবে বায়নক এনেদৰে সেৱাদলৰ মুখ্য সংগঠকৰ গধূৰ দায়িত্ব অৰ্পণ কৰা বুলি বিৱেচিত হৈছে। ১৯৯২ চনতে ভাৰতীয় জাতীয় কংগ্রেছ দলত যোগদান কৰা বায়নে এন এছ ইউ আই, যুৱ কংগ্রেছকে ধৰি দলৰ বিভিন্ন পৰ্যায়ত বিভিন্ন পদত আদৰ্শ আৰু নিষ্ঠাৰে একনিষ্ঠভাৱে দলীয় দায়িত্ব পালন কৰি সমগ্ৰ অসমতে এগৰাকী বলিষ্ঠ যুৱ নেতা হিচাপে পৰিচিতি লাভ কৰিছে। অসমৰ আগশাৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপ সভাপতি নিৰ্বাচিত হোৱাৰ পাছৰে পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলৰ লগত নিবিড়ভাৱে জড়িত হৈ পৰা বায়নে ২০০৪ ৰ পৰা ২০০৭ চনলৈ গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্রেছ কমিটীৰ সভাপতি হিচাপেও সুচাৰুৰূপে দলৰ প্ৰতি সেৱা আগবঢ়াইছিল। শ্ৰীবায়নে অসম প্ৰদেশ কংগ্রেছ সেৱাদলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে দায়িত্ব গ্ৰহণৰ লগে লগে সমগ্ৰ অসমৰ কংগ্রেছ সেৱাদলৰ কৰ্মী সকল যথেষ্ট উৎসাহী হৈ পৰিছে আৰু স্বাভাবিকতে ই দলটোৰ বাবে এক ইতিবাচক ইংগিত বুলি বিবেচিত হৈছে।