দীপাৱলী- জুমী চিৰিং

দীপাৱলী 

জুমী চিৰিং,কঠালগুৰি,লক্ষীমপুৰ

শৰতৰ আকাশত অন্ধকাৰ ফালি
উজ্বলিছে চমৎকাৰী পোহৰৰ জিলিকনি
চৌপাশে ওলমিছে লানি লানি চাকি
” দীপাৱলী ” উৎসৱৰ বিজুলী বাতি।

মোহনীয়া প্ৰকৃতিৰ সৌন্দৰ্য বিনষ্ট কৰি
শব্দ বৰষুণ জাকে  আদৰিছে আই লক্ষ্মীক ;
শুনিছানে পৰিভ্ৰমী প্ৰাণোচ্ছল পক্ষী কাকলি
শব্দ প্ৰদূষণত অবলা বৃদ্ধৰ বুকুৰ ধপধপনি!

সাঁচতীয়া গাঁঠিৰ ধনৰাশি খৰচ কৰি
আতচবাদী ফুলজাৰিৰ জিলিকনি ;
তুমি কৰিছা নেকি বাৰু চহকী
বিদেশী ৰাষ্ট্ৰৰ আৰ্থিক পুঁজি ভৰাঁলটি !

নৈতিক পৰম্পৰাৰে পোহৰৰ চমৎকাৰী
উৎসৱটি পালন কৰিব খুজিছা যদি ;
মুক্ত মনে আৰ্তজনক এসাঁজ দান কৰি
আশীৰ্ষ ধন‌্য লাভ কৰিবা দেই তুমি !

তাহানিৰ ৰামো নাই অযোধ্যাও নাই
মাথোঁ পৰম্পৰা দোহাৰি কৰিছোঁ কি !
জীৱনৰ পাকচক্ৰ মেৰপাকত সোমাই
অমূল্য সময় খৰচ কৰি আৰ্জিত ধনৰাশি
চেকেণ্ডতে উৰুৱাই লভিছোঁ কেৱল সন্তুষ্টি !