দীপাৱলীৰ নিশা আনন্দ-ফুৰ্তিৰ নামত ঘৃণনীয় কাণ্ড পদপথৰ কুকুৰৰ ভৰিত বান্ধি ফুটালে বোম

pc- Times of india

দীপাৱলীৰ নিশা আনন্দ-ফুৰ্তিৰ নামত ঘৃণনীয় কাণ্ড পদপথৰ কুকুৰৰ ভৰিত বান্ধি ফুটালে বোম

ৰঙিলী বাৰ্ত্তাসেৱা- দীপাৱলীৰ নিশা আনন্দ-ফুৰ্তিৰ নামত ঘৃণনীয় কাণ্ড।পশ্মিবংগৰ পশ্চিম মেদিনীপুৰত সংঘটিত হৈছে এই ঘটনা।একাংশ উন্মাদ লোকে পদপথৰ এটা কুকুৰৰ ভৰিত বোম বান্ধি ফুটাই দিয়ে।ক্ষত বিক্ষত হৈ পৰে কুকুৰটোৰ শৰীৰ।উৰি যায় কুকুৰটোৰ এখন ঠেং।এই ঘটনাৰ কথা জানিব পাৰি অঞ্চলটোৰ কিছুসংখ্যক লোকে কুকুৰটোক উদ্ধাৰ কৰি পশু চিকিৎসায়ত ভৰ্তি কৰে।ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই খবৰ।এনেদৰে কুকুৰৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশুপ্ৰেমীসকল।এই ঘটনা সংঘটিত কৰাসকলক সকলোৱে একেমুখে ধিক্কাৰ দিছে।