দিল্লী কংগ্ৰেছ গোটৰ ৰাহুল গান্ধীক দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে অনুৰোধ জনোৱা এটা প্ৰস্তাৱ গৃহীত
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ দলৰ দিল্লী গোটে সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হ’বলৈ অনুৰোধ জনোৱা এটা প্ৰস্তাৱ গৃহীত কৰিছে। “এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত, কেৱল ৰাহুল গান্ধীৰ দৰে এজন শক্তিশালী নেতাই কংগ্ৰেছক অধিক শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰিব পাৰে, বিজেপি আৰু আপৰ মিছা কথা উন্মোচন কৰিবলৈ,” প্ৰস্তাৱটোত কোৱা হৈছে।