দিপাৱলী
দিপাৱলী হ’ল এক পোহৰৰ উৎসৱ। দিপাৱলী প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা উৎযাপন কৰা হয়। দিপাৱলী উৎসৱৰ উৎপত্তি নানান ধৰনৰ পৌৰাণিক আখ্যান আছে। তাৰে এটা আখ্যান হ’ল যি দিনা প্ৰভু শ্ৰীৰামচন্দ্ৰ, সীতা আৰু লক্ষ্মণ ১৪ বছৰ বনবাসৰ পৰা অযোধ্যালৈ ঘুৰি আহিছিল , সেইদিনা অযোধ্যাবাসীয়ে আনন্দতে পদূলিয়ে পদূলিয়ে চাকি- বন্তি জ্বলাই পোহৰাই তুলিছিল আৰু লগতে ঘৰত আল্পনা বা ৰংগোলী অংকন কৰি ৰামচন্দ্ৰক আদৰণী জনাইছিল। সেইদিনাৰ পৰাই দিপাৱলী উৎসৱৰ আৰম্ভণি বুলি বিশ্বাস কৰা হয়। দিপাৱলী উৎসৱৰ লগতে অসম আৰু বেংগলত কালি পূজা বা শ্যামা পূজাও পালন কৰা হয়। কালি পূজাত কালি গোসাঁনীৰ আগত বলি হিচাপে মʼহ , ছাগলী, হাঁহ ,পাৰ , কোমোৰা , কুঁহিয়াৰ আদি আগবঢ়োৱা হয়। পূজাৰ অন্তত ভক্তসকলক প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। দিপাৱলীৰ দিনা জৈন ধৰ্মাৱলম্বী লোকসকলে লক্ষ্মী আৰু গণেশৰ পূজা অৰ্চনা কৰে। দিপাৱলীৰ দিনা সকলোৱে ঘৰ দুৱাৰ চাফ -চিকুণ কৰে। সন্ধিয়া ঘৰে ঘৰে চাকি – বন্তি জ্বলাই আৰু কলগছ পদুলি মুৰত লগাই তাত চাকি – বন্তি দিয়ে সকলোৱে। ঘৰে ঘৰে আল্পনা বা ৰংগোলী অংকন কৰা হয়। লগতে মম আৰু বিজুলী বাতিৰে ঘৰসমূহ আলোকিত কৰা হয়। দিপাৱলীৰ দিনা সকলোৱে মিলি ফটকা ফুলজাৰি জ্বলাই আনন্দ উপভোগ কৰে। কিন্তু এটা কথা মনত ৰাখিব লাগে , যাতে ফটকা ফুটাওতে সদায় সাৱধান হ’ব লাগে। নহ’লে কেতিয়াবা ইয়াৰ পৰা ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰে। দিপাৱলীত বিভিন্ন ধৰণৰ মিঠাইৰ সোৱাদ লোৱা হয়। আৰু লগতে আত্মীয় স্বজনকো নানা উপহাৰ হিচাপে দিয়া হয়। দিপাৱলী উৎসৱৰ মূল উদ্দেশ্য হ’ল – সকলোৰে মাজত মিলাপ্ৰীতি স্থাপন কৰা আৰু লগতে সমাজৰ পৰা কু-প্ৰভাৱ আতৰাই অপশক্তি নাশ কৰি সমাজখন পোহৰাই তোলা। গতিকে পোহৰৰ উৎসৱ দিপাৱলী সকলোৰে এক আনন্দৰ উৎসৱ। এই উৎসৱ সকলোৰে প্ৰিয় ।
হিমাদ্ৰী বৰকটকী, নগাঁও