দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্থগিতাদেশ

দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্থগিতাদেশ

ৰঙিলী বাৰ্ত্তাসেৱা- নীতি বহির্ভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা বাবে আবেদন কাৰী মহাবিদ্যালয় ৰ ছাত্ৰী এগৰাকী এ আইন ৰ কাষ চাপে। প্ৰাপ্ত তথ্য অনুসৰি আজি শনিবাৰে মহাবিদ্যালয়ত শিক্ষকৰ বাচনি প্ৰক্ৰিয়াৰে ছাত্ৰ একতা সভাৰ সদস্য নিৰ্বাচিত কৰা দিন ধাৰ্য্য কৰা হৈছিল । এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি বৰ্ণালী পাটগিৰি নামৰ মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে যোৱা ১০ নবেম্বৰ ত Title Suit/732/2022, Misc (J) Case/542/2022 পঞ্জীয়ন ৰ এক অভিযোগ নামা কামৰূপ জিলাৰ দেৱানী আদালতত দাখিল কৰে। দাখিল হোৱা এই অভিযোগ নামাৰ প্ৰথমতো শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হয়। এই শুনানিত অভিযোগ কাৰি বৰ্ণালীৰ পাটগিৰিৰ হৈ যুক্তি প্রদর্শন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিপক শৰ্মা আৰু শশাংক জ্যোতি চহৰীয়াই । এই শুনানিত আদালতে মহাবিদ্যালয়ৰৰ নিৰ্বাচনত স্হগিতাদেশ দিয়ে । আনহাতে আগন্তুক ১৯ নৱেম্ববৰত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দি প্ৰতিদন্দী পক্ষক নিজৰ যুক্তি প্ৰদৰ্শন ৰ সুযোগ দিয়ে। উল্লেখ্য যে প্ৰতিদন্দী পক্ষক দিছপুৰ আইন মহাবিদ্যালয় ৰ অধ্যক্ষা ড. গাগি দও পল, ৰিটাৰনিং অফিচাৰ তথা মহাবিদ্যালয়ৰ শিক্ষক কমল মেধি, জয়ন্ত চুতীয়া আৰু শিক্ষয়িত্ৰী ড. স্বপ্না ডেকা।