দশম শ্ৰেণীলৈকে ইতিহাস আৰু ভূগোল বাধ্যতামূলক : ড০ হিমন্ত বিশ্ব শৰ্মা

দশম শ্ৰেণীলৈকে ইতিহাস আৰু ভূগোল বাধ্যতামূলক : ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্তাসেৱা – অসম চৰকাৰে পৰৱৰ্তী শৈক্ষিক অধিৱেশনৰ পৰা বিদ্যালয়সমূহৰ বাবে ইতিহাস আৰু ভূগোল দুয়োটা বিষয় বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ দিনৰ প্ৰাকমুহূৰ্তত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন শিক্ষা নীতিৰ অধীনত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো শিক্ষাৰ্থীৰ বাবে ইতিহাস আৰু ভূগোল দুয়োটা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে “সকলো মাধ্যমৰ পৰা সকলো শিক্ষাৰ্থীৰ বাবে দুয়োটা বিষয় বাধ্যতামূলক বিষয় হিচাপে যোগ কৰা হ’ব। তেওঁলোকে অসম আৰু ভাৰতীয় ইতিহাসৰ লগতে দশম শ্ৰেণীলৈকে ভূগোল শিকিব। ইয়াক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব”।