তোমাৰ কথাত – মৃগাংক বৰুৱা

তোমাৰ কথাত

মৃগাংক বৰুৱা
বনগাঁও, (কছাৰীহাট) গোলাঘাট

তুমি—
শীতৰ কথা ক’লা

মই–
শেৱালী হৈ ফুলিলোঁ
ফুলি ফুলি
নিয়ৰ সনা দুবৰিত
শুভ্ৰতা সিছিলোঁ
তুমি বুটলি বুটলি
আচল ভৰাই ল’বা বুলি…