তোমাৰ অপেক্ষা – মৈত্ৰেয়ী কৈৰী

তোমাৰ অপেক্ষা

-মৈত্ৰেয়ী কৈৰী

ভাল লগাবোৰ আকৌ উভতি আহক
তোমাৰ নামেৰে …
য’ত এৰি থৈ গৈছিলা….তাৰ পৰাই আৰম্ভ কৰোঁ
আহাঁচোন আকৌ,
চোৱাচোন সকলোবোৰ একেই হৈয়ে আছে…
তোমালৈ চাই বৈ যোৱা নৈখন ,
সেই কৃষ্ণচূড়াজোপা…
আৰু… আৰু তুমি তুমি লগা সেই অনুভৱবোৰ ।
উভতি আহাচোন আকৌ এবাৰ…
চোৱানা তুমি আহিবা বুলি শেৱালী বুটলিছিলো…
তুমি নহাত মৰহি গ’ল সকলো ..
দুবৰি বনৰ নিয়ৰৰ টোপালৰ মাজতো
তোমাক উভতাই পোৱাৰ সপোনবোৰে
মিচিকিয়াই হাঁহিছে।
তুমি বোলে আকৌ আহিবা হেনো …
ৰাতিপুৱাৰ বৰষুণজাকে কৈ গ’ল মোক
তুমি আহিবা বুলিয়ে যেন মনটোৱে নাচিছে
দুপাখি মেলি ।
আজিকালি অন্ধকাৰৰ মাজতো তোমাকে
বিচাৰি ফুৰো মই ।
তোমালৈ ৰাখি থৈছোঁ মোৰ কবিতাৰ
এমুঠি আলসুৱা সুকীয়া সম্ভাৰ ।
তুমি হেনো আকৌ উভতি আহিবা ….
ৰাতিপুৱাৰ বৰষুণজাকে কৈ গ’ল মোক ।