তেজস্বীতাৰ মৃত্যুক লৈ সাক্ষ্যদান কেইবাটাও দল সংগঠনৰ

Pc Time8

তেজস্বীতাৰ মৃত্যুক লৈ সাক্ষ্যদান কেইবাটাও দল সংগঠনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত তেজস্বীতা বৰুৱাৰ মৃত্যুক লৈ সাক্ষ্য দিবলৈ ওলাই আহিল কেইবাটাও দল সংগঠন।১০ তাৰিখৰ পৰা ১২তাৰিখলৈ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ বাবে অহা নাছিল কোনো এজন লোক৷কিন্তু সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই সাক্ষ্য দিবলৈ আগবাঢ়ি আহে তিনিটাকৈ দল-সংগঠন৷আজি গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোঁচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰিছে। তেজস্বিতা বৰুৱাৰ তদন্ত প্ৰক্ৰিয়াত সাক্ষী প্ৰদান কৰিলে কোনো আইনী জটিলতাৰ সন্মুখীন নহয় বুলি উল্লেখ কৰি ১৯ অক্টোবৰৰ ভিতৰত সচেতন লোকক তদন্ত প্ৰক্ৰিয়াত সহায় হোৱাকৈ সাক্ষী প্ৰদানৰ আহ্বান জনাইছে তদন্তকাৰী বিষয়াই। উল্লেখযোগ্য যে, কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ গড়মূৰ চিকিৎসালয়ত মৃত্যু হোৱাৰে পৰা মাজুলী স্বাস্থ্য খণ্ড সমালোচনাৰ সন্মুখীন হৈ আহিছে।এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল চৰকাৰে।১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনাও কৰিছিল।কিন্তু সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক।