তেজছ যুদ্ধবিমান উৰুৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- দেশীয়ভাৱে নির্মিত বায়ুসেনা বাহিনীৰ দুই আসনযুক্ত তেজছ যুদ্ধবিমান উৰুৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে৷ বেংগালুৰুস্থিত ৰাজহুৱা প্ৰতিষ্ঠান হিন্দুস্থান এৰ’নেটিক্ছ লিমিটেড চমুকৈ এইচ এ এল পৰিদৰ্শন কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশীয়ভাবে নির্মিত দুই আসনযুক্ত তেজছ বিমান উৰুৱায়। যুদ্ধবিমানখন উৰুৱাই শক্তৰাষ্ট্ৰক পৰোক্ষভাৱে সকীয়নি দিলে প্রধানমন্ত্ৰীগৰাকীয়ে। সাধাৰণতে তেজছ যুদ্ধবিমান এক আসনযুক্ত যদিও বায়ুসেনা আৰু নৌসেনা বাহিনীয়ে প্ৰশিক্ষণৰ বাবে ব্যৱহৃত সংস্কৰণ দুই আসনযুক্ত তেজছ বিমানৰ উৰণৰ সংগী হ’ল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বেংগালুৰুৰ আকাশত কিছুক্ষণৰ বাবে তেজছ বিমান উৰণৰ সংগী হোৱা প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়- তেজছৰ সফলতাৰে এটি চুটি উৰণ সম্পূৰ্ণ কৰিলোঁ। আমাৰ দেশৰ থলুৱা সামৰ্থ্যৰ প্ৰতি মোৰ এই আস্থা যথেষ্ট বৃদ্ধি কৰিলে আৰু অভিজ্ঞতাটোৱেই অবিশ্বাস্যভাৱে মোক দেশৰ থলুৱা সামৰ্থ্যক সমৃদ্ধিশালী কৰাৰ অনুভূতি জগাই তুলিলে। এই উৰণৰ অভিজ্ঞতাই আমাৰ দেশীয় সম্ভাৱনাৰ প্ৰতি মোৰ গৌৰৱ আৰু আশাবাদক উজ্জীৱিত কৰি তুলিলে। মন কৰিবলগীয়া যে এই যুদ্ধবিমান তেজছ ৪.৫ প্ৰজন্মৰ বহুমুখী ভূমিকা সম্পন্ন যুদ্ধবিমান। এই যুদ্ধবিমান এইচ এ এলত নিৰ্মাণ কৰা হৈছে। প্রথম অৱস্থাত বায়ুসেনা বাহিনীৰ বাবে এই যুদ্ধবিমান নিৰ্মাণ কৰা হৈছিল যদিও সম্প্রতি নৌসেনা বাহিনীৰ বাবেও এই বিমান নিৰ্মাণ কৰা হৈছে। ভাৰতে পুৰণি হোৱা মিগ-২১ বিমানৰ স্থানত এলএটি তেজছ বিমান ২০২৫ চনৰ ভিতৰত সম্পূর্ণকৈ সেনা বাহিনীক মোতায়েন কৰা হ’ব।